ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিভীষিকা এতিয়াও আঁতৰি যোৱা নাই ৷ এতিয়াও ইুক্ৰেইনলৈ ওভতি অহা নাই স্ভাৱিক পৰিস্থিতি ৷ ইয়াৰ মাজতে ইউক্ৰেইনৰ এখন চহৰৰ পৰা সেনা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে ৰাছিয়াই ৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই শ্বোইগুৱে ইউক্ৰেইনৰ দক্ষিণ অঞ্চলত থকা চহৰ খেৰচনৰ ওচৰৰ ড্নিপ্ৰ’ নদীৰ পশ্চিম পাৰৰ সেনা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে ৷ খেৰচনৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ লোৱা সিদ্ধান্তই দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধই এক নতুন মোৰ গ্ৰহণ কৰিছে ৷
অৱশ্যে বুধবাৰে ৰাছিয়াই কৰা এই ঘোষণা সন্দর্ভত অতি সতর্কতাৰে ইউক্ৰেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইউক্ৰেইনে কয় যে ৰাছিয়াৰ সেনা বাহিনীৰ এটা অংশ এতিয়াও খেৰচনত আছে ৷ এই অঞ্চললৈ ৰাছিয়াৰ পৰা অতিৰিক্ত লোক প্ৰেৰণ কৰা হৈছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডাইমিৰ জেলেনস্কিৰ জ্যেষ্ঠ উপদেষ্টা মাইখাইলো পড’লিয়াকে ৰয়টাৰ্ছক দিয়া এক বিবৃতিত কয় যে যেতিয়ালৈকে ইউক্ৰেইনৰ পতাকা খেৰচনত নুৰে তেতিয়ালৈ ৰাছিয়াই সেনা প্ৰত্যাহাৰৰ কথা কোৱাৰ কোনো যুক্তি নাই।
ফেব্ৰুৱাৰী মাহত ৰাছিয়াই আক্ৰমণৰ পিছত দখল কৰা একমাত্ৰ আঞ্চলিক ৰাজধানী চহৰ আছিল খেৰচন ৷২০১৪ চনত ৰাছিয়াই ক্ৰিমিয়া উপদ্বীপলৈ যোৱা একমাত্ৰ স্থলপথ আৰু ইউক্ৰেইনক দুভাগ কৰা নদী ড্নিপ্ৰ’ৰ মূল মুখ দুয়োটাকে দখল কৰিছে ৷
খেৰচন অঞ্চলটো ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ৰাছিয়াত “চিৰদিনৰ বাবে” অন্তৰ্ভুক্ত কৰা বুলি ঘোষণা কৰা চাৰিটা অঞ্চলৰ ভিতৰত এটা ৷ ৰাছিয়াই খেৰচন চহৰ পাৰমাণৱিক অস্ত্ৰৰ নিৰীক্ষনত ৰখা বুলিও প্ৰকাশ কৰি আহিছে ৷ খেৰচনৰ পৰা সেনা প্ৰত্যাহাৰ কৰি ড্নিপ্ৰ’ নদীৰ পূব পাৰত নিজৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই ৷