দুবছৰমান পূৰ্বে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰিছিল এনচিবিৰ বিষয়া সমীৰ ৱানখেৰেই। তাৰকা পুত্ৰৰ ড্ৰাগছৰ গোচৰৰ তদন্তৰ দায়িত্বত থকা বিষয়াই ২ বছৰ পূৰ্বে সংঘটিত ঘটনাৰ পৰিণাম ভুগিব লগা হৈছে। মুম্বাইৰ উপকূলৰ পৰা এখন বিলাসী জাহাজৰ পৰা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰে সমীৰে। এইবাৰ চিবিআইয়ে বিষয়াজনৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে।
শ্বাহৰুখৰ পুত্ৰ আৰিয়ানক ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। ২২ দিন জেলত থাকিব লগা হৈছিল আৰিয়ান। ২০২২ চনৰ মে’ মাহত এনচিবিয়ে প্ৰমাণৰ অভাৱত আৰিয়ানৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ প্ৰত্যাহাৰ কৰিছিল। অৱশ্যে এই ঘটনাত ভাৰপ্ৰাপ্ত বিষয়াই খান পৰিয়ালৰ পৰা বৃহৎ উৎকোচ দাবী কৰা বুলি চিবিআইয়ে অভিযোগ লাভ কৰিছে । সূত্ৰ অনুসৰি সমীৰে আৰিয়ানক মুক্ত কৰিবলৈ প্ৰায় ২৫ কোটি টকা বিচাৰিছিল। ভিজিলেন্স ৰিপৰ্টৰ ভিত্তিত তদন্তকাৰীয়ে প্ৰাথমিক তদন্তৰ অন্তত সমীৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰুজু কৰে ৷ চিবিআইৰ সূত্ৰ অনুসৰি সমীৰে ব্যক্তিগত সম্পদ বৃদ্ধিৰ বাবে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে চিবিআইয়ে গোচৰ ৰুজু কৰে।
কেৱল সেয়াই নহয়, শেহতীয়াকৈ চিবিআইয়ে সমীৰৰ ঘৰত তালাচী চলায়। এই অনুসন্ধান অভিযান প্ৰায় ১৩ ঘণ্টা ধৰি চলিছিল। ঘটনাৰ সময়ত সমীৰৰ পত্নী আৰু পুত্ৰ ঘৰত আছিল। তাৰ পিছত সমীৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয়, “এজন প্ৰকৃত দেশপ্ৰেমিক হোৱাৰ বাবে মই মূল্য ভৰিব লগীয়া হৈছে । কিন্তু এই পৰিস্থিতিৰ সৈতে সকলো সময়তে মোকাবিলা কৰিবলগীয়া হোৱা মোৰ সন্তান, বৃদ্ধ দেউতা আৰু শহুৰ ৷ মই মৃত্যুৰ আগলৈকে যুঁজিম। মোৰ গোটেই পৰিয়ালটো ভয়ৰ মাজেৰে জীয়াই আছে।“