মনোৰঞ্জন জগতত পুনৰ শোকৰ ছাঁ। মাত্ৰ এদিন আগতে অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃত্যুৰ খবৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলোৱাৰ সময়তে মৃত্যু হ’ল আন এগৰাকী তাৰকাৰ ৷ হিন্দী টেলিভিছনৰ সুপৰিচিত মুখ বৈভৱী উপাধ্যায়ৰ দেহাৱসান ঘটিছে । ‘সৰাভাই বনাম সাৰাভাই’ ধাৰাবাহিকৰ বাবে বিখ্যাত অভিনেত্ৰীগৰাকীৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হয়। বৈভৱী জেচমিন হিচাপে নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰে ‘সৰাভাই বনাম সাৰাভাই’ ধাৰাবাহিকখনৰ প্ৰযোজক জে ডি মাজেথিয়াই।
চণ্ডীগড়ৰ সমীপত সংঘটিত হৈছে এই গাড়ী দুৰ্ঘটনা। পাহাৰীয়া ৰাস্তাত গৈ থকা অৱস্থাত তেওঁৰ গাড়ীখন খাৱৈত বাগৰি পৰে।গাড়ীত বৈভৱীৰ হ’বলগীয়া স্বামীও তেওঁৰ লগত আছিল। মাত্ৰ ৩২ বছৰতেই এইগৰাকী অভিনেত্ৰীৰ মৃত্যু হয়। তেওঁৰ দুৰ্ঘটনাৰ কথা শুনি অভিনেত্ৰীগৰাকীৰ ভাতৃ খৰখেদাকৈ চণ্ডীগড়লৈ ৰাওনা হয়। তেওঁৰ মৃতদেহ মুম্বাইলৈ অনা হৈছে। বৈভৱৰ সহ অভিনেতা তথা ধাৰাবাহিক প্ৰযোজক জে ডি মাজেথিয়াই এই খবৰ টুইট কৰে। তেওঁ লিখিছে, “খবৰটো শুনি মই স্তম্ভিত হৈ পৰিলোঁ, বৈভৱী আছিল সঁচাকৈয়ে এগৰাকী ভাল হৃদয়ৰ মানুহ। যদিও তেওঁ নিজৰ উচিত স্থান নাপালে। সজীৱতাৰে ভৰা এজন ব্যক্তি, মোৰ ঘনিষ্ঠ ব্যক্তি। তাই এতিয়াও মোৰ স্মৃতিত সৰভাইৰ জেচমিন হৈয়েই আছে। জীৱনটো ইমানেই অনিশ্চিত।“
বৈভৱীক দেখা গৈছিল ‘সৰাভাই বনাম সাৰাভাই’ ধাৰাবাহিকখনৰ দ্বিতীয় ছিজনত। ইয়াৰ বাহিৰেও তেওঁ বহু হিন্দী ধাৰাবাহিকত কাম কৰিছে। তাৰ ভিতৰত ‘আদালাত’, ‘চি আই ডি’, ‘কায় কছুৰ হায় আমলা কা’ অন্যতম। ২০২০ চনত দীপিকা পাডুকন আৰু বিক্ৰান্ত মাছিৰ সৈতে ‘ছাপাক’ ছবিতো দেখা গৈছিল।