মোদী কেবিনেটত স্থান লাভ কৰা অসমৰ দুই সাংসদ সর্বানন্দ সোনোৱাল আৰু পবিত্ৰ মার্ঘেৰিটাই দায়িত্ব গ্ৰহণ কৰে ৷ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে সর্বানন্দ সোনোৱালে ৷ ইয়াৰ পূর্বেও একেটা বিভাগৰে মন্ত্ৰী আছিল সোনোৱাল ৷ইপিনে বৈদেশিক পৰিক্ৰমা আৰু হস্ততাত বিভাগৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মার্ঘেৰিটা ৷
দায়িত্ব গ্ৰহণ কৰি সোনোৱালে কয় –“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোৰ ওপৰত আস্থা ৰাখি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব পুনৰ অর্পণ কৰাৰ বাবে মই তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছো । যোৱা ১০ বছৰত ভাৰতৰ সামুদ্ৰিক খণ্ডই আমাৰ বন্দৰসমূহে দক্ষতা আৰু ক্ষমতাৰ ঐতিহাসিক শিখৰত উপনীত হোৱাৰ লগে লগে অন্যতম উন্নত ক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই নতুন চৰকাৰৰ দিনত আমি মোডীৰ সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ বাস্তৱায়িত কৰাৰ বাবে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ক নতুন গতিশীলতাক আগুৱাই লৈ যাম আৰু ভাৰতক বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক শক্তি হিচাপে স্থান দিম।“
ইফালে, দায়িত্ব গ্ৰহণ কৰি পবিত্ৰ মার্ঘেৰিটাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি সম্বর্ধনা জ্ঞাপন কৰে ৷