স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা- (নীট-পিজি) নামভৰ্তিৰ ক্ষেত্ৰত অন্যান্য পিচপৰা শ্ৰেণী (অ’ বি চি) ৰ ২৭ শতাংশ আৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ (ইডব্লিউএছ) বাবে ১০ শতাংশ সংৰক্ষণ বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে ৷ ২০২১-২০২২ বর্ষৰ নামভর্ত্তিৰ ক্ষেত্ৰত এই নিয়ম মানি চলিবলৈ আজি নির্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷ ৷
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে অজয় ভূষণ পাণ্ডে সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰি বৰ্তমানৰ নামভৰ্তিৰ সময়ত ইডব্লিউএছ সংৰক্ষণৰ বাবে বছৰি ৮ লাখ টকাৰ উপাৰ্জনৰ যোগ্যতা বাহাল ৰাখে ৷ অৱশ্যে কমিটীখনৰ সিদ্ধান্তসমূহ সম্পূর্ণৰূপে কার্যকৰী হ’ব নে নহয় সেয়া গোচৰটোৰ চূড়ান্ত নির্দেশতহে প্ৰকাশ পাব বুলি উল্লেখ কৰিছে ন্যায়ালয়ে ৷ মাৰ্চৰ তৃতীয় সপ্তাহত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ৷
আৱেদনকাৰীসকলে চিকিৎসা পৰামৰ্শ সমিতি (এমচিচি)-এ ২৯ জুলাইত অ’বিচিৰ বাবে ২৭ শতাংশ আৰু ইডব্লিউএছ শ্ৰেণীৰ বাবে ১০ শতাংশ এনইইটি-ইউজি আৰু পিজি (সৰ্বভাৰতীয় কোটা)ত সংৰক্ষণ প্ৰদান কৰি প্ৰকাশ কৰা জাননীক প্ৰত্যাহ্বান জনাইছিল ৷