শেহতীয়াকৈ চৰকাৰে জেষ্ঠ নাগৰিকৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৪৫৬৭ ট’ল ফ্ৰী নম্বৰত যোগাযোগ কৰি জেষ্ঠ নাগৰিকসকলে অভিযোগ দাখিল কৰাৰ লগতে আইনী উপদেশ, বৃদ্ধাশ্ৰম, সেৱা কেন্দ্ৰ আদিৰ বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হ’ব।
আমাৰ সমাজত বৃদ্ধসকল প্ৰায়েই উপেক্ষিত হৈ ৰয়। জীৱনৰ বিয়লি বেলাত তেওঁলোকে নতুন সময়ৰ সৈতে মিলি পৰিবলৈ এক অহৰহ সংগ্ৰামত লিপ্ত হৈ থাকে। তেনে দোদুল্যমান মানসিক অৱস্থাৰ সময় চোৱাত বহুলোক পৰিয়াল তথা অন্য লোকৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হোৱা চকুত পৰে।
বৃদ্ধ ৰোগীয়া পিতৃ মাতৃক খৰচৰ বাঁহ বা বোজা বুলি গণ্য কৰা সন্তানৰ অবহেলা বা পৰিচৰ্য্যাৰ অভাৱত শাৰিৰীক মানসিক যন্ত্ৰণাৰ সন্মুখীন হৈ মৃত্যুক আঁকোৱালি লোৱা দেখা যায়। বহুতো লোকে জীয়াতু ভুগি মৃত্যুলৈ অপেক্ষা কৰে।
অসম চৰকাৰৰ প্ৰণাম আঁচনি এইক্ষেত্ৰত বৃদ্ধ পিতৃ মাতৃলৈ এক সাময়িক সকাহ। কিন্তু এয়া যথেষ্ঠ নহয়। আইনৰ আওতাত নহাকৈ বহুতো বৃদ্ধলোক প্ৰতিদিনে উপেক্ষিত বা নিৰ্যাতিত বা প্ৰৱঞ্চনাৰ বলি হৈ আহিছে। নতুনকৈ মুকলি কৰা ট’ল ফ্ৰী নম্বৰটোৱে অলপ হ’লেও সকাহ প্ৰদান কৰিব।
বৃদ্ধ সকলৰ উপেক্ষিত নতুন ঘটনা নহয়। মানুহে সমাজ পাতি বসবাস কৰাৰ পূৰ্বৰে পৰা বৃদ্ধসকলে যন্ত্ৰণা ভোগ কৰি আহিছে। এতিয়াও কোনো কোনো জনজাতীয় সমাজত খাদ্যৰ সংকট কালত বৃদ্ধসকলৰ হত্যাৰ এক প্ৰথা এতিয়াও আছে।
আনকি তামিলনাডুত তলাইকুট্টল নামেৰে বৃদ্ধ সকলক হত্যা কৰাৰ এক কুপ্ৰথা এতিয়াও প্ৰচলন হৈ আছে।
প্ৰধানতঃ সামাজিকীকৰণৰ জৰিয়তেহে বৃদ্ধ সকলৰ প্ৰতি ধাৰণা শুধৰণি হ’ব। সন্তান জন্মৰ পিছৰে পৰা পিতৃ মাতৃয়ে বৃদ্ধসকলক কেনেদৰে আদৰ সন্মান জনাব লাগে সেই সুস্থ পৰিৱেশ ঘৰৰ পৰাই প্ৰদান কৰিব লাগিব। সুস্থ মানসিক পৰিৱেশত ডাঙৰ হোৱা শিশুৱে নিজৰ কৰ্তব্যৰ পূৰণত পিছ হুঁহকি আহিবলৈ নিশ্চয় কুণ্ঠাবোধ নকৰিব। এই ক্ষেত্ৰত পিতৃ মাতৃ নিজেই সজাগ হোৱা উচিত। পিতৃ মাতৃৰ আচৰণে সন্তানৰ চৰিত্ৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
বৃদ্ধ লোকসকলৰ প্ৰতি চৰকাৰৰ শেহতীয়া পদক্ষেপে জনসচেতনতা আগবঢ়াই সুৰক্ষা প্ৰদানত সহায়ক হ’ব।