VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্বেখ হাচিনাই ব্ৰিটেইন-আমেৰিকাসহ কোনো দেশতে বিচৰা নাই আশ্ৰয়, স্পষ্ট কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰই

voicedesk by voicedesk
August 7, 2024
in মুখ্য সংবাদ
শ্বেখ হাচিনাই ব্ৰিটেইন-আমেৰিকাসহ কোনো দেশতে বিচৰা নাই আশ্ৰয়, স্পষ্ট কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰই
0
SHARES
66
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান  ভাৰতত আত্মগোপন কৰি আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । কিন্তু তেওঁৰ পৰৱৰ্তী গন্তব্যস্থান কি হ’ব, বিশ্ব কূটনৈতিক মহলত ইয়াক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। বিভিন্ন অনিশ্চিত সূত্ৰই দাবী কৰিছে যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয় বিচাৰিছে। কিন্তু তথাপিও সেই দেশৰ চৰকাৰৰ পৰা কোনো সেউজ সংকেত লাভ কৰা নাই। কিন্তু হাছিনাৰ পুত্ৰ ছাজিব ৱাজিদ জয়ৰ দাবী যে তেওঁৰ মাতৃয়ে কোনো দেশতে আশ্ৰয় বিচৰা নাছিল।

 

হাছিনাই আশ্ৰয় বিচৰাক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। একাংশ সূত্ৰই দাবী কৰিছে যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ব্ৰিটেইনলৈ যাব পাৰে। আন এটা সূত্ৰই জনোৱা মতে, হাছিনাৰ আমেৰিকালৈ যোৱাৰ পথ বন্ধ হৈ পৰিছে। আমেৰিকাই তেওঁৰ ভিছা বাতিল কৰিছে। আনকি, ফিনলেণ্ডকে ধৰি কেইবাখনো দেশৰ নামো এই চর্চালৈ আহিছে। কিন্তু এই সকলোবোৰ জল্পনা-কল্পনা দূৰ কৰি সংবাদ মাধ্যম এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত হাছিনা পুত্ৰই কয় যে তেওঁৰ মাতৃৰ আশ্ৰয়ৰ বাবে কৰা অনুৰোধ সন্দৰ্ভত ছপা হৈ থকা সকলো প্ৰতিবেদন সম্পূৰ্ণ ভুল। তেওঁ ক’তো আশ্ৰয় বিচৰা নাছিল। গতিকে ব্ৰিটেইন বা আমেৰিকাই আশ্ৰয়ৰ অনুৰোধ নাকচ কৰাৰ বিষয়টোও অসত্য।” জয়ে এইটোও দাবী কৰে যে আমেৰিকাৰ সৈতে মাকৰ আশ্ৰয়ৰ বিষয়ে কোনো আলোচনা হোৱা নাছিল।

 

জয়ে প্ৰথমে ঘোষণা কৰিছিল যে হাছিনা আৰু ৰাজনীতিত নাথাকে। ধাৰাবাহিক আন্দোলনৰ হেঁচাত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে হাছিনাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেই প্ৰেক্ষাপটত জয়ে এক সাক্ষাৎকাৰত দাবী কৰিছিল যে তেওঁৰ মাতৃ ৰাজনীতিলৈ ঘূৰি নাহে। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ পিছতো যিদৰে আন্দোলন চলি আছে, তাক লৈ  অত্যন্ত হতাশ হৈ পৰিছে।

 

জয়ে লগতে কয় যে হাছিনাই এতিয়া পৰিয়ালৰ সৈতে সময় কটোৱাৰ পৰিকল্পনা কৰিছে। কিন্তু ক’ত বা কেনেকৈ সিদ্ধান্ত লোৱা হোৱা নাই। হাছিনা-পুত্ৰই কয় , “মই এতিয়া ৱাশ্বিংটনত আছো। মোৰ ভনী লণ্ডনত থাকে। গতিকে আমি এতিয়াও নাজানো তেওঁ ক’ত থাকিব।”

 

সোমবাৰে বিয়লি হাছিনাই ভগ্নী ৰেহানাৰ সৈতে ঢাকাৰ বাসগৃহৰ পৰা পলায়ন কৰে ৷ সন্ধিয়ালৈকে তেওঁ ভাৰতত উপস্থিত হয় । তেওঁৰ বিমান দিল্লীৰ সমীপৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বায়ুসেনা ঘাটিত অৱতৰণ কৰে। পিছদিনা নিশা ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে হাছিনাক সাক্ষাৎ কৰে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত আশ্ৰয় বিচৰা নাছিল বুলি ইতিমধ্যে জনা গৈছিল। সেয়েহে তেওঁৰ পৰৱৰ্তী গন্তব্যস্থানৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে । ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে হাছিনাই অতি কম সময়ৰ ভিতৰতে ভাৰতলৈ আহিবলৈ অনুৰোধ কৰিছিল। ভাৰতে সেই অনুমতি দিয়াৰ পিছত তেওঁ ভগ্নী শ্বেখ ৰেহানাৰ সৈতে ভাৰতলৈ আহিছিল। অৱশ্যে জয়শংকৰে হাছিনা বা বাংলাদেশৰ সৈতে ভাৰতৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰা নাছিল।

 

 

Previous Post

বিজেপি চৰকাৰৰ উন্নয়নৰ গংগা নহয়, এজাক বৰষুণতে বৈ গ’ল আভিজাত্য, আজিও জলবন্দী মহানগৰবাসী

Next Post

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7