দেওবাৰে নিশাৰ পৰা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে হিমাচল প্ৰদেশত জীৱনযাত্ৰা ব্যাহত কৰিছে। ধাৰাসাৰ বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ ফলত চাৰিদিনত হিমাচল প্ৰদেশত কমেও ৬০ জন লোকৰ মৃত্যু হৈছে। মঙলবাৰলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৫৮ জন। ছিমলাত ভুমিস্খলনত দুজন লোকৰ মৃত্যু। এই ঘটনাৰ পাছতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে সেই স্থানত উপস্থিত হয়। তেওঁ ভূমিস্খলন প্ৰৱণ অঞ্চলৰ ঘৰবোৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্রী গৰাকীয়ে ভুমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মেৰামতিৰ দায়িত্ব চৰকাৰে ল’ব বুলিও আশ্বাস দিয়ে৷ মঙলবাৰে হোৱা ভূমিস্খলনৰ ফলত কলকাৰ পৰা ছিমলালৈ ৰেলপথৰ ক্ষতিসাধন হয়।
মঙলবাৰে নিশা চিমলাত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু প্ৰশাসনিক বিষয়াৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । হিমাচলৰ পৰিস্থিতি পুনৰীক্ষণৰ অন্তত বুধবাৰে চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। প্ৰশাসনৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰেও শিক্ষানুষ্ঠান বন্ধ থাকিব পাৰে।
সোমবাৰৰ মুষলধাৰ বৰষুণত ছিমলাৰ ছামাৰ হিলত থকা শিৱ মন্দিৰ ভাঙি পৰাত বহু ভক্ত সমাধিস্থ কৰা হৈছে। মঙলবাৰে বিয়লিলৈকে উদ্ধাৰ কৰা হৈছে ১১টা মৃতদেহ। প্ৰশাসনে জনোৱা মতে, মন্দিৰ ভাঙি পৰাৰ সময়ত মন্দিৰৰ ভিতৰত কমেও ৩০ জন ভক্ত আৰু তীৰ্থযাত্ৰী আছিল।
মৌছম ভৱনে জনোৱা মতে, অহা ২৪ ঘন্টাত হিমাচল প্ৰদেশৰ লগতে উত্তৰাখণ্ডতো প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য দুখনৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো পৰিব পাৰে । অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও ওড়িশা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ বিভিন্ন অঞ্চলত বৃহস্পতিবাৰলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।
কিন্তু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহত ইমান বৰষুণ কিয় হৈছে? মৌছম ভৱনৰ মুৰব্বী এম মহাপাত্ৰই কয় যে নিম্ন চাপ হিমালয়ৰ পাদদেশত সৃষ্টি হোৱাৰ বাবেই হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ অব্যাহত আছে।