আজিৰ পৰা ভাৰতীয় ৰেল বিভাগৰ পৰ্য্যটন শাখাৰ তৰফৰ পৰা শ্ৰী ৰামায়ণ যাত্ৰাৰ বিশেষ ট্ৰেইনখনৰ চলাচল আৰম্ভ হৈছে। দিল্লীৰ চফদৰজাংগ ষ্টেছনৰ পৰা ভগৱান শ্ৰীৰামৰ সৈতে জড়িত প্ৰতিখন তীৰ্থস্থানকে সামৰি ল’ব।
সৰ্বমুঠ ১৭ দিনীয়া ভ্ৰমণ যাত্ৰাৰ প্ৰথম ষ্টেছন হ’ব ৰাম জন্মভূমি অযোধ্যা। সীতামৰ্হি, নাছিক বাৰণসী, হাম্পি, ৰামেশ্বৰমলৈকে সকলো ঠাই সামৰি ল’ব।
ভাৰত চৰকাৰৰ দেখৌ অপনা দেশ নামৰ অভিযানৰ অধীনত আৰম্ভ হোৱা ১৭ দিনীয়া পৰ্যটন শাখাৰ ট্ৰেইনখনৰ দ্বাৰা দৰ্শনাৰ্থীৰ সুবিধা হ’ব। আটকধুনীয়া আধুনিক ট্ৰেইনখনত অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰ লগতে দুটাকৈ ডবাক ডাইনিং হ’ল হিচাপে ব্যৱহাৰ কৰা হৈছে। ব্যক্তিগত ল’কাৰৰো বিশেষ সুবিধা আছে।
১৩২ জন যাত্ৰী কঢ়িয়াই নিব পৰা ট্ৰেইনখন প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাতানুকুলীন দবাৰ ব্যৱস্থা আছে। দ্বিতীয় বাতানুকুলীন দবাৰ এজন ব্যক্তিৰ সম্পূৰ্ণ পেকেজৰ মূল্য হৈছে ৮৩,০০০ টকা। আনহাতে প্ৰথম শ্ৰেণীৰ বাতানুকুলীন দবাৰ এজন ব্যক্তিৰ ভাড়া হৈছে ১.০২ লাখ টকা। এই পেকৃজত ট্ৰেইনৰ ভাড়াৰ উপৰিও খাদ্য সামগ্ৰী, হোটেলৰ ভাড়া, হোটেলৰ খাদ্যৰ মূল্য, গাড়ীৰ ভাড়া, তীৰ্থ ভ্ৰমণৰ যাৱতীয় খৰচ আদি সকলো সামৰি ল’ব।
সৰ্ব সাধাৰণ লোকৰ বাবে এই মূল্য অধিক হ’লেও তীৰ্থ ভ্ৰমণৰ লগতে আটক ধুনীয়া ৰাজকীয় ট্ৰেইনখনত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।