সংগীতৰ জগতখন তেওঁৰ কণ্ঠৰ যাদুই মনোৰঞ্জন দিয়ে। অৰিজিত সিং বহুতৰে বাবে আৱেগিক নাম। চিনেমাৰ গান গোৱাৰ সমান্তৰালকৈ দেশ-বিদেশতো তেওঁৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়। অৰিজিতে সমগ্ৰ আগষ্ট মাহটো ব্ৰিটেইনৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু, সেই শ্ব’বোৰ কৰিবলৈ তেওঁ সক্ষম নহয়। কাৰণ অৰিজিৎ অসুস্থ হৈ পৰিছে ৷ এই কথা তেওঁ নিজেই প্ৰকাশ কৰিছে ৷ তেওঁ দৰ্শকৰ ওচৰত ইয়াৰ বাবে ক্ষমা বিচাৰিছে।
ছ’চিয়েল মিডিয়াত এক বিবৃতিত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, ‘শাৰীৰিক অসুস্থতাৰ বাবে আগষ্ট মাহত আমি সকলো শ্ব’ পিছুৱাই দিবলগীয়া হোৱাটো অতি দুখেৰে জনাইছো । মই জানো, আপোনালোক সকলোৱে এই শ্ব’বোৰৰ বাবে অপেক্ষা কৰি আহিছে। কিন্তু, ইয়াৰ বাবে ক্ষমা বিচাৰিছো। আপোনালোকৰ মৰম আৰু সমৰ্থন মোৰ একমাত্ৰ শক্তি। “
উল্লেখ্য যে অৰিজিতৰ শ্ব’ লণ্ডন, বাৰ্মিংহাম, মানচেষ্টাৰ আদিত অনুষ্ঠিত হোৱাৰ কথা আছিল। আগষ্ট মাহৰ পৰিৱৰ্তে এইবাৰ ১৫ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত এই শ্ব’সমূহ অনুষ্ঠিত হ’ব।