এতিয়াৰ পৰা ছিকিমৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এবছৰৰ প্ৰসূতিকালীন ছুটী। ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে চৰকাৰৰ এই সিদ্ধান্ত ঘোষণা কৰে। মহিলাৰ লগতে পুৰুষ কৰ্মচাৰীয়েও পাব ছুটী। অৱশ্যে পিতৃত্ব ছুটীৰ সময় এমাহ।
বুধবাৰে ছিকিম ৰাজ্যিক অসামৰিক সেৱা বিষয়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী তামাঙে। তাতে তেওঁ নিজৰ চৰকাৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। বন্ধৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি মুখ্যমন্ত্রী তামাঙে কয় যে চৰকাৰৰ এই কার্যৰ বাবেই চৰকাৰী কর্মচাৰীসকলে নিজৰ সন্তান আৰু পৰিয়ালৰ সঠিক যত্ন ল’ব পাৰিব৷ ছিকিম ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰস্তুত কৰা নিয়মৰ এই ক্ষেত্ৰত শীঘ্ৰে পৰিৱৰ্তন হ’বলৈ গৈ আছে।
১৯৬১ চনৰ প্ৰসূতি সুবিধা আইন অনুসৰি মহিলা কর্মচাৰীৰ বাবে ৬ মাহ বা ২৬ সপ্তাহৰ দৰমহাযুক্ত ছুটীৰ ব্যৱস্থা আছে। ছিকিমৰ জনসংখ্যা মাত্ৰ ৬ লাখ ৩২ হাজাৰ। ৰাজ্যসমূহৰ ভিতৰত ছিকিমত সৰ্বনিম্ন জনসংখ্যা। বুধবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী কৰ্মচাৰীসকল ৰাজ্য প্ৰশাসনৰ মেৰুদণ্ড। ৰাজ্য আৰু ইয়াৰ জনসাধাৰণৰ উন্নয়নত তেওঁলোকৰ ভূমিকা অপৰিসীম।” চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি প্ৰক্ৰিয়া সহজ কৰি তোলাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।