VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰেলত ভ্ৰমণৰ বাবে টিকটৰ মূল্য ১৯ লাখ টকাঃ ভৰতৰ সর্বাধিক ব্যয়বহুল ৰেলখনত ৰজাৰ দৰে কি কি সুবিধা পাব আপুনি জানেনে ?

voicedesk by voicedesk
December 17, 2022
in মুখ্য সংবাদ
ৰেলত ভ্ৰমণৰ বাবে টিকটৰ মূল্য ১৯ লাখ টকাঃ ভৰতৰ সর্বাধিক ব্যয়বহুল ৰেলখনত ৰজাৰ দৰে কি কি সুবিধা পাব আপুনি জানেনে ?
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

 

ভাৰতীয় ৰেল কৰ্তৃপক্ষ আই আৰ চি টি চিৰ অধীনত মুম্বাই আৰু দিল্লীৰ পৰা ৰাজস্থানলৈ আৰম্ভ কৰিছে  ‘মহাৰাজা এক্সপ্ৰেছ’ নামৰ বিলাসী ৰে’ল যাত্ৰা। এই ৰেলখনৰ টিকটৰ দামো আকাশলংঘী। যি দাম শুনিলে আপোনাৰ হয়তো চকু কপালত উঠিব ৷ এই যাত্ৰাৰ টিকটৰ সৰ্বোচ্চ মূল্য হৈছে  প্ৰায় ১৯ লাখ টকা।

ৰেলযোগে যাত্ৰা কৰি কোনে ভাল নাপায়? তদুপৰি যদি ভ্ৰমণ ভাৰতৰ সেই ঠাইবোৰলৈ হয়, যিবোৰৰ ওপৰত আভিজাত্যৰ ষ্টাম্প আছে, তেন্তে  ভ্ৰমণ নকৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। মহাৰাজা এক্সপ্ৰেছেৰে যাত্ৰা কৰিলে মনৰ এই আশা  পূৰণ হোৱাটো নিশ্চিত।

মহাৰাজা এক্সপ্ৰেছে বিশ্বৰ আটাইতকৈ বিলাসী ৰেল যাত্ৰাৰ ভিতৰত নিজৰ নাম অন্তর্ভুক্ত কৰিছে। আনকি ভাৰতৰ দামী টিকটৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে এই এক্সপ্ৰেছ ৰেলখনৰ নাম তালিকাত প্ৰথম স্থানত থাকিব ৷২০১০ চনৰ মাৰ্চ মাহত মহাৰাজা এক্সপ্ৰেছৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিল মুঠ ৮৬ জন যাত্ৰীৰে। মুম্বাই আৰু দিল্লীৰ পৰা আৰম্ভ কৰি এই ৰেলখনে ৰাজস্থানৰ যোধপুৰ, বিকানেৰৰ দৰে ঠাইলৈ যাত্ৰা কৰে।

মহাৰাজা এক্সপ্ৰেছ ৰে’লত একেলগে যাত্ৰা কৰিব পাৰিব ৮৮ জন যাত্ৰীয়ে। যাত্ৰীসকলৰ বাবে ৪ প্ৰকাৰৰ কোঠাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো কোঠা ৰজাৰ ৰাজহাউলীৰ দৰে সজাই তোলা হৈছে।যাত্ৰীসকলে নিজৰ পছন্দৰ কোঠা বুকিং কৰিব পাৰিব। প্ৰতিটো ধৰণৰ কোঠাৰ সজ্জাও এক প্ৰকাৰৰ। তাৰ ওপৰত ভিত্তি কৰি টিকটৰ দাম নিৰ্ধাৰণ কৰা হয়।

মহাৰাজা এক্সপ্ৰেছত ৪ ধৰণৰ শীততাপ নিয়ন্ত্ৰিত ডবা আছে যথা ‘ডিলাক্স কেবিন’, ‘ছুইট’, ‘জুনিয়ৰ ছুইট’ আৰু ‘প্ৰেচিডেন্সিয়েল ছুইট’। টিকটৰ মূল্যৰ পৰিমাণ আৰু উপলব্ধ সুবিধা অনুসৰি ভিন্ন হয়। টিকটৰ মূল্য ৩ লাখ ১৮ হাজাৰ টকাৰ পৰা আৰম্ভ হয়। ভাৰতীয় মুদ্ৰাত সৰ্বোচ্চ টিকটৰ মূল্য ১৯ লাখ টকা।প্ৰতিটো কেবিনত মাষ্টাৰ বেডৰুম, বাথৰুম, পৃথক বহা ঠাই, মিনি বাৰ আদি আছে। যাত্ৰীসকলক চোৱাচিতা কৰিবলৈ প্ৰতিটো কোঠাত ১ জন কৰ্মচাৰী ৰখা হয়। যাত্ৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে চিচিটিভি কেমেৰা আৰু ধোঁৱাৰ এলাৰ্মও স্থাপন কৰা হৈছে।

মহাৰাজা এক্সপ্ৰেছ ৰে’লত মুঠ ২০টা ‘ডিলাক্স কেবিন’, ১৮টা ‘জুনিয়ৰ ছুইট’, ৪টা ‘ছুইট’ আৰু ১টা ‘প্ৰেচিডেন্সিয়েল ছুইট’ আছে। ‘প্ৰেচিডেন্সিয়েল ছুইট’ৰ নাম ‘নৱৰত্ন’।

মহাৰাজা এক্সপ্ৰেছ ৰে’লসমূহে ৪টা ভিন্ন পথেৰে যাত্ৰা কৰে। যাত্ৰা অনুযায়ী তেওঁলোকৰ নামো বেলেগ বেলেগ। ‘ভাৰতৰ ঐতিহ্য’ৰ যাত্ৰা আৰম্ভ হয় মুম্বাইৰ পৰা। উদয়পুৰ, যোধপুৰ, বিকানেৰ, জয়পুৰ, ৰন্থামবৌৰ আৰু ফতেহপুৰ ছিক্ৰী হৈ আগ্ৰা পোৱা ৰে’লখনে ৬ ৰাতি ৭ দিনৰ যাত্ৰা সমাপ্ত কৰে।দিল্লীৰ পৰা আৰম্ভ হোৱা ‘ট্ৰেজাৰ্ছ অৱ ইণ্ডিয়া’ ৰে’লখন আগ্ৰা, ৰন্থামব’ৰ, জয়পুৰ হৈ দিল্লীলৈ উভতি যায়।  এই ভ্ৰমণত ৩ ৰাতি ৪ দিন লাগে।

 

দিল্লীৰ পৰা আৰম্ভ হৈ ‘ইণ্ডিয়ান পেনোৰামা’ ৰে’ল জয়পুৰ, ৰন্থামবৌৰ, ফতেহপুৰ ছিক্ৰী, আগ্ৰা, অৰ্ছা, খাজুৰাহো আৰু বাৰাণসী হৈ দিল্লীলৈ উভতি যায়। এই যাত্ৰা সম্পূৰ্ণ কৰিবলৈ ৬ ৰাতি ৭ দিন লাগে।‘দ্য ইণ্ডিয়ান স্প্লেণ্ডাৰ’ৰো যাত্ৰা আৰম্ভ হয় দিল্লীৰ পৰা। ইয়াৰ পিছত আগ্ৰা, ৰন্থামবৌৰ, জয়পুৰ, বিকানেৰ, যোধপুৰ, উদয়পুৰ হৈ মুম্বাইলৈ উভতি যায়।

মুম্বাই বা দিল্লীৰ পৰা ৰাজস্থানলৈ যাওঁতে মহাৰাজা এক্সপ্ৰেছ ৰে’লখন ৰৈ থকা ঠাইবোৰৰ বিখ্যাত পৰ্যটন স্থানসমূহো ৰে’ল কৰ্তৃপক্ষই চোৱাৰ ব্যৱস্থা কৰে । তাজমহল, ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান, ৰাজস্থানৰ বিভিন্ন দুৰ্গও এই তালিকাত আছে।মহাৰাজা এক্সপ্ৰেছত মুঠ ১৪খন অতিথি কঢ়িওৱা বাহন আছে। এই বাহনবোৰৰ নামসমূহো আচৰিত ধৰণৰ ৷  গাড়ীৰ নাম ৰখা হৈছে ‘মতি’, ‘মানিক’, ‘হিৰা’, ‘পান্না’, ‘নীলম’ আদি মণিমুকুটাৰ নামেৰে ৷

মহাৰাজা এক্সপ্ৰেছৰ দুখন ৰেষ্টুৰেণ্টৰ নাম ক্ৰমে ‘ময়ুৰ মহল’ আৰু ‘ৰং মহল’। প্ৰতিখন ৰেষ্টুৰেণ্টত ৪২ জন যাত্ৰী বহিব পাৰিব। ৰেলখনৰ ৰান্ধনীসকলে জলপানৰ পৰা আৰম্ভ কৰি দুপৰীয়া আৰু ৰাতিৰ আহাৰলৈকে সুস্বাদু খাদ্য তৈয়াৰ কৰে ৷কেৱল খাদ্যৰ ক্ষেত্ৰতে নহয়, মহাৰাজা এক্সপ্ৰেছত সুৰা, বিয়েৰকে ধৰি বিভিন্ন দেশী-বিদেশী ব্ৰেণ্ডৰ সুৰা উপলব্ধ। এই ৰেলখনত ‘ৰাজা ক্লাব’ আৰু ‘ছাফাৰী ক্লাব’ নামেৰে দুটা লাউঞ্জ বাৰ আছে। এই লাউঞ্জত যাত্ৰীসকলেও বহি জিৰণি ল’ব পাৰে।

Previous Post

ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ জয়ৰ ‘নায়ক’ প’গবাই গেলেৰীৰ পৰা উপভোগ কৰিব নোৱাৰিব চূড়ান্ত খেল? কি সমস্যাত ভুগিছে তাৰকা ফুটবলাৰজনে ?

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7