কালি অনুষ্ঠিত হোৱা সাপ্তাহিক কেবিনেটত ৰাজ্য চৰকাৰে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। গাওঁসমূহৰ মাটিৰ পট্টা তিনি বছৰৰ ভিতৰত প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। এই সকলো সেৱা বসুন্ধৰা পৰ্টেলৰ জৰিয়তে উপলব্ধ হ’ব।
কামৰূপ গ্ৰাম্য আৰু নগৰ জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ অনুমোদন গ্ৰহণ নকৰাকৈয়ে এতিয়াৰে পৰা সংৰক্ষিত বেল্ট বা অঞ্চলত ভূমিৰ মালিকীস্বত্ব সালসলনি বা অন্য ভূমি সংক্ৰান্তীয় কথাত অনুমতি প্ৰদান কৰিব পাৰিব।
ৰাজ্যৰ সকলো পুৰোহিত আৰু নামঘৰীয়ালৈ ৰাজ্য চৰকাৰে ১৫০০০ টকাৰ এককালীন সাহাৰ্য্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰবজনকাৰী শ্ৰমিকক ড্ৰাই ৰেছন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জিলা প্ৰশাসনক এই দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায়।
ইয়াৰ উপৰিও চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে এম বি বি এছ আৰু বি ডি এছ পাঠ্যক্ৰমত আসন সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰে। ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমত ১৮ খন আসন আৰু বি ডি এছ পাঠ্যক্ৰমত ২ খনকৈ আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়।
আনহাতে বৰাক উপত্যকাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমত ৬ খনকৈ আসন আৰু বি ডি এছ পাঠ্যক্ৰমত ১ খনকৈ আসন সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে।