তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ হাজাৰ অতিক্ৰম কৰিছে। আহতসকলৰ সংখ্যা ৩৫ হাজাৰৰো অধিক হ’ব বুলি দেশখনৰ চৰকাৰে প্ৰশাসন কৰিছে । ভূমিকম্পৰ পিছত ভয়াৱহ শীতৰ বাবে দুয়োখন দেশৰ উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। উদ্ধাৰ অভিযানত হোৱা ভুল স্বীকাৰ কৰিছে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে।
দুৰ্যোগ ব্যৱস্থাপনা নীতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুৰস্ক চৰকাৰক সমালোচনা কৰা হৈছিল। উদ্ধাৰ অভিযানত দেখা দিয়া সমস্যাৰ কথা স্বীকাৰ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ ভূমিকম্পৰ ফলত দেশৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কয়, “ইমান ডাঙৰ দুৰ্যোগৰ বাবে আমাৰ কোনোৱেই সাজু নাছিল। ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱা সম্ভৱ নহয়।“
সোমবাৰে পুৱা তুৰস্কত ভূমিকম্পৰ সৃষ্টি হয়। মূল কম্পনৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৮। ইয়াৰ পিছত তুৰস্ক আৰু ছিৰিয়াত আৰু দুটাকৈ প্ৰবল ভূমিকম্প হয়। এই ভূমিকম্পৰ আফটাৰশ্বকত কমেও ১০০ বাৰ কঁপি উঠিছে দেশখন । ইতিমধ্যে এই ভূমিকম্পক শতিকাৰ অন্যতম শক্তিশালী ভূমিকম্প হিচাপে স্বীকৃতি দিয়া হৈছে।
ভূমিকম্পৰ ফলত বহু ঘৰ ভাঙি গৈছে। ধ্বংসাৱশেষৰ তলত বহু লোকৰ মৃত্যু হয়। দুৰ্যোগৰ পিছত অত্যন্ত ঠাণ্ডা আৰু ভোকৰ বাবে আন বহু লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰলৈকে মৃত্যুৰ সংখ্যা ১৫ হাজাৰ অতিক্ৰম কৰিছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ভূমিকম্পত বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়া এতিয়া কেৱল মৃত্যুৰ কিৰিলি। কোনোবাই অনাহাৰে, কোনোবাই অসহায় হৈ চাই ৰৈছে নিজৰ আপোনজনৰ মৃতদেহলৈ ৷
তুৰস্ক প্ৰশাসনৰ সূত্ৰ অনুসৰি প্ৰচণ্ড ঠাণ্ডা আৰু বৰষুণৰ ফলত উদ্ধাৰ কার্যত বাধাৰ সৃষ্টি হৈছে। ধ্বংসপ্ৰাপ্ত পথৰ বাবে বহু অঞ্চললৈ যাব পৰা নাই উদ্ধাৰকাৰী। ভূমিকম্পৰ পৰা ৰক্ষা পোৱাৰ পিছতো তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে সাধাৰণ লোকৰ জীৱনলৈ ৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে, যিসকলে এই ঠাণ্ডাত মুকলি আকাশৰ তলত দিনটো কটায়, তেওঁলোকে হাইপোথাৰ্মিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ই শৰীৰৰ উষ্ণতা সোনকালে হ্ৰাস কৰিব। আনকি ইয়াৰ ফলত মৃত্যুও হ’ব পাৰে।
ভাৰতকে ধৰি কেইবাখনো দেশ বিধ্বস্ত তুৰস্কৰ কাষত থিয় দিছে। দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে সাহায্য। ভাৰতৰ পৰা উদ্ধাৰকাৰী দলটোও তুৰস্কলৈ যায়।