ৰাজ্যৰ দুর্নীতিগ্ৰস্ত কর্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ এজন এজনকৈ উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী কর্মচাৰী ৷ উৎকোচ লৈ পুনৰ হাতে লোটে গ্ৰেপ্তাৰ হ’ল বন বিভাগৰ দুই কর্মচাৰী ৷
কোকৰাঝাৰৰ গোসাইগাঁওত এটা গোচৰ নিষ্পত্তি কৰাৰ বাবে দাবী কৰা ধন গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি নিবাৰকে এটা দলে আজি বন বিভাগৰ বি গ্ৰেড কর্মচাৰী কামিণী নাৰ্জাৰী আৰু গার্ড প্ৰবীন হাতেলোটে গ্ৰেপ্তাৰ কৰে। এক অভিযোগৰ ভিত্তিত দুই কর্মচাৰীৰ বিৰুদ্ধে তদন্ত কৰা হৈছিল ৷