বৰ্ণনাতীত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ পৰিবেশ ৷ দীৰ্ঘদিন ধৰি অৰ্থনৈতিক সংকটত ভোগা দেশখনত এতিয়া সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ ৷ সোমবাৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাক্ষেৰ কাৰ্যালয়ৰ ভিতৰতে তেওঁৰ দলৰ লোকসকল আৰু বিৰোধী পক্ষৰ লোকসকল সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰে ৰাজাপাক্ষেয়ে ৷
ইফালে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ লগে লগেই ৰাজাপাক্ষেৰ বিৰোধী পক্ষই কাৰ্যতঃ তাণ্ডৱৰ সৃষ্টি কৰে দেশখনত ৷ কলম্বোৰ পৰা ২৫০ কিল’মিটাৰ দূৰত ৰাজাপাক্ষেৰ ঘৰত অগ্নিসংযোগ কৰে উন্মত্ত জনতাই৷ আনহাতে তিনি প্ৰাক্তন মন্ত্ৰী আৰু দুই সাংসদৰ ঘৰো জ্বলাই দিয়ে ৷ জ্বলাই দিয়ে চৰকাৰী সম্পত্তি , বাহন ৷ জানিব পৰা গৈছে যে ইয়াৰ উপৰিও সাংসদ আথুকোৰালাৰ গাড়ীৰ সন্মূখত উন্মত্ত জনতাই চোঁচা লোৱাত নিজৰ প্ৰাণ বচাবলৈ নিজেই গুলীচালনা কৰে সাংসদগৰাকীয়ে যাৰ ফলত কেইবাগৰাকীও লোক আহত হয় ৷ অৱশেষত প্ৰাণ বচাবলৈ তেওঁ কাষৰ এটা ঘৰত আশ্ৰয় লয় যদিও পিছত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় সাংসদ গৰাকীক ৷
খবৰ অনুসৰি ৰাজধানীত নিশা প্ৰধানমন্ত্ৰী ৰাজাপাক্ষেৰ ঘৰতো গুলীৰ শব্দ শুনা গৈছিল ৷ প্ৰধানমন্ত্ৰীৰ বাসভৱনত নিশা উন্মত্ত জনতাই গে’ট ভাঙি সোমাই যোৱাৰ ফলত আৰক্ষীয়ে কন্দুৱা গেছ এৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও বিফল হয় আৰক্ষী ৷ইফালে প্ৰাক্তন মন্ত্ৰী জনষ্টন ফাৰ্ণাণ্ডেজৰ বাৰ ,সাংসদ জনকা বান্দাৰাৰ ঘৰ সকলোতে অগ্নিসংযোগ কৰে উন্মত্ত জনতাই ৷