আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে চলি থকা আলোচনাৰ মাজতে শ্ৰীলংকাই চীন, ভাৰত আৰু জাপানক অধিক সাহায্য প্ৰদানৰ বাবে আহ্বান জনাব ৷ ইয়াৰ বাবে দেশকেইখনৰ সৈতে আলোচনাত মিলিত হ’ব শ্ৰীলংকা ৷ যাতে ভয়াৱহ হৈ অহা অৰ্থনৈতিক সংকটৰ পৰা মুক্তিৰ পথ তেওঁলোকে লাভ কৰে ৷
বৈদেশিক মুদ্ৰাৰ তীব্ৰ নাটনিৰ বাবে খাদ্য, ইন্ধন, ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰিব নোৱাৰি সাত দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ বিত্তীয় সংকটৰ সৈতে যুঁজি আছে দ্বীপ ৰাষ্ট্ৰখনৰ ২ কোটি ২০ লাখ লোকে ৷
মৌলিক প্ৰয়োজনীয়তাৰ অভাৱ আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিয়ে জনসাধাৰণৰ অশান্তিৰ সৃষ্টি কৰিছে, যাৰ ফলত প্ৰধানমন্ত্ৰী ৰানিল বিক্ৰমসিংহৰ চৰকাৰে আই এম এফ আৰু বন্ধুত্বপূৰ্ণ দেশৰ পৰা সহায় লাভৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ঐতিহাসিক মিত্ৰ দেশ ভাৰত, জাপান আৰু চীনৰ সমৰ্থন তেওঁলোকক লাগে। শ্ৰীলংকাৰ সংকটৰ সমাধান বিচাৰি উলিয়াবলৈ এই দেশসমূহক লৈ এখন দাতা সন্মিলন আহ্বান কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ তেওঁলোকে আমেৰিকাৰ পৰাও সহায় বিচাৰিব বুলিও উল্লেখ কৰে ৷