গুৱাহাটীত অৱস্থিত শ্বপিং মল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকসকলক পাৰ্কিং মাচুল সংগ্ৰহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী পৌৰ নিগম আয়ুক্তই ৷
এই নিৰ্দেশত জিএমচি আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে, মল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ গ্ৰাহকৰ পৰা ভেলেট পাৰ্কিঙৰ নামত পাৰ্কিং মাচুল সংগ্ৰহ কৰাৰ সন্দৰ্ভত ৰাইজৰ পৰা অভিযোগ পোৱাৰ পিছত নাগৰিক সংস্থাই এই নিৰ্দেশ জাৰি কৰিব লগা হৈছিল।
জিএমচি আয়ুক্তজনে স্পষ্ট ভাষাত উল্লেখ কৰিছিল যে “যেতিয়া শ্বপিং মলএখনৰ বিৰুদ্ধে ভৱনৰ অনুমতি নিশ্চিত কৰা হয়, প্ৰস্তাৱিত ভৱনটোত পৰ্যাপ্ত পাৰ্কিং সুবিধা বাধ্যতামূলকভাৱে সংৰক্ষণ কৰিব লাগে আৰু লগতে যিকোনো শ্বপিং মলৰ বাণিজ্য অনুজ্ঞাপত্ৰ জাৰী কৰাৰ সময়ত, তেওঁলোকৰ গ্ৰাহকৰ বাহন পাৰ্কিঙৰ বাবে চৌহদত পৰ্যাপ্ত পাৰ্কিং স্থান আছে নে নাই পৰীক্ষা কৰা হয়। ”
আয়ুক্তজনে কৈছিল যে জিএমচি বিষয়াসকলে তেওঁলোকৰ ক্ষেত্ৰ ভ্ৰমণৰ সময়ত লক্ষ্য কৰিছিল যে মল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গ্ৰাহকৰ পৰা পাৰ্কিং মাচুল ‘ভেলেট পাৰ্কিং’ হিচাপে সংগ্ৰহ কৰি আহিছে যাৰ ফলত জনসাধাৰণৰ মাজত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈছিল।