ৰহাৰ পহুপুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।নিশা শুবলৈ গৈ নিৰুদ্দেশ হ’ল শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এজন ছাত্ৰ ।নিৰুদ্দেশ হোৱা ছাত্রগৰাকী ৰহাৰ দীঘলদৰি পহুপুৰিৰ গুণমণি নাথৰ পুত্ৰ ৰিমন নাথ বুলি জানিব পৰা গৈছে।
অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত ছাত্রজনৰ পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে ।
নিজ বাসগৃহৰ শোৱাপাটীৰ পৰা নিৰুদ্দেশ হৈছে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ৰিমন৷
উল্লেখযোগ্য যে ৰিমন নাথ ৰহাৰ দীঘলদৰি কাকতিগাঁও হাইস্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল । ছাত্ৰজন আনদিনাৰ দৰে বুধবাৰে নিশাও ৰাতিৰ আহাৰ খাই নিজৰ শোৱনি কোঠালৈ গৈ শুইছিল ৷ কিন্তু প্ৰায় ১১ বজাত এটা শব্দ হোৱাত আত্মীয় এগৰাকী উঠি আহি ৰুমৰ বাহিৰৰ পৰা চোৱাত ছাত্ৰজনক কোঠাটোত দেখা নাপালে ৷
ঘৰটোৰ গ্ৰীল আৰু কোঠাৰ দৰ্জা বন্ধ হৈ থকা অৱস্থাতে ছাত্ৰজন নিৰুদ্দেশ হোৱা ঘটনাটোৱে এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্রজনৰ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে।