চৰাই চিৰিকটিৰ মাত শুনি ভাল নোপোৱা লোক সম্ভৱত খুব কমেই ওলাব ৷ নির্জনতাত পক্ষীৰ বিভিন্ন স্বৰত ভাহি অহা মিঠা কলৰৱে আমাক সন্মোহিত কৰে ৷ যদি আপুনি চৰাই চিৰিকটিৰ মাত শুনি সচাকৈয়ে আনন্দ অনুভৱ কৰে তেনেহ’লে আপোনাৰ বাবে আছে এটা ভাল লগা খবৰ ৷সেয়া হ’ল যে পক্ষীৰ মাত শুনিলে কেবল মন আনন্দৰে ভৰি পৰাই নহয়, ই আপোনাৰ মানসিক চাপ আৰু উদ্বেগ দূৰ কৰাত সহায় কৰিব পাৰে ৷এই তথ্য পোহৰলৈ আহিছে জার্মানীৰ এদল গৱেষকৰ অধ্যয়নত ৷ এদল মানুহক গাড়ীৰ শব্দ আৰু পক্ষীৰ শব্দ শুনিবলৈ দি এই অধ্যয়ন কৰা হৈছিল ৷
নেচাৰ পৰ্টফলিঅ’ জাৰ্নেল চাইন্টিফিক ৰিপ’ৰ্টছত প্ৰকাশিত এক অধ্যয়নৰ মতে, ইয়াৰ আন এটা উদ্দেশ্য আছিল শব্দৰ প্ৰৱণতা উচ্চ আৰু নিম্ন হ’লে পৰিব পৰা প্ৰভাৱ ৷ ইয়াৰ বাবে বাহনৰ শব্দ আৰু পক্ষীৰ মাত বিভিন্ন প্ৰাৱল্যত শুনিবলৈ দি এই অধ্যয়ন সম্পূর্ণ কৰা হ’ল ৷
গৱেষকসকলে কৰা অনলাইন সমীক্ষাত ২৯৫ জন লোকে অংশগ্ৰহণ কৰিছিল ৷ ৬ মিনিটৰ বাবে অংশগ্ৰহণকাৰীসকলক বিভিন্ন প্ৰাৱল্যত শব্দ শুনিবলৈ দিয়া হৈছিল ৷ যান-জঁবাহনৰ শব্দ কম- বেছি আৰু চৰাইৰ মাত কম-বেছি কৰি অংশগ্ৰহণকাৰীসকলে শুনিবলৈ দিয়া হৈছিল ৷
উল্লেখ্য যে পৃথিৱীত দ্ৰুতগতিত নগৰীকৰণ হোৱাৰ লগে লগে মানুহে বাস কৰা পৰিৱেশ অহৰহ সলনি হৈ আছে। অনুমান কৰা হৈছে যে ২০৫০ চনৰ ভিতৰত বিশ্বৰ প্ৰায় ৭০ শতাংশ জনসংখ্যাই চহৰত বাস কৰিব ৷ ইউৰোপৰ দৰে কিছুমান অঞ্চলে ইতিমধ্যে এই সংখ্যা অতিক্ৰম কৰিছে। নগৰীয়া পৰিৱেশে আমাক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে অধ্যয়ন কৰাটো অপৰিহাৰ্য ৷
লাইজ মেইটনাৰ গ্ৰুপৰ সৈতে হোৱা এই অধ্যয়নৰ লেখক এমিল ষ্ট’বে কয় “মই আৰু মোৰ সহকৰ্মীসকলে সাধাৰণতে মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ দেখি মুগ্ধ হৈ পৰো, আৰু আমাৰ গৱেষণাৰ দ্বাৰা মানুহ আৰু প্ৰকৃতিৰ মাজত থকা আন্তঃনিৰ্ভৰশীলতাৰ বিষয়েও সজাগতা বৃদ্ধি কৰিব বিচাৰিছো ৷”