VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শংকৰদেৱ কলাক্ষেত্ৰত পুতলা নাট “বিষ্ণু প্ৰসাদ ৰাভা” সফল মঞ্চায়ন

'লুপ্তপ্ৰায় পুতলা নাচক সুৰজিৎ একাডেমীয়ে অন্য ৰূপ দিছে-ড• জগদীশ পাটগিৰি

voicedesk by voicedesk
August 22, 2023
in মুখ্য সংবাদ
শংকৰদেৱ কলাক্ষেত্ৰত পুতলা নাট “বিষ্ণু প্ৰসাদ ৰাভা” সফল মঞ্চায়ন
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ২১ আগষ্ট:-
ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ সৌজন্যত গুৱাহাটীৰ অন্যতম শৈক্ষিক সাংস্কৃতিক অনুষ্ঠান সুৰজিৎ একাডেমীৰ উদ্যোগত ২০ আগষ্টত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ
ড• বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এখন পুতলা নাট মঞ্চস্থ হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপপ্ৰাপ্ত তথা নাট্যকাৰ- পৰিচালক সীমান্ত শৰ্মাৰ ৰচিত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ গৱেষণা জলপানি প্ৰাপ্ত তথা এণ.চি.ই.আৰ.টি, চি.চি.আৰ.টি , এছ চি আৰ টি, বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি বিনীতা দেৱীৰ পৰিচালনাত “বিষ্ণু প্ৰসাদ ৰাভা” পুতলা নাটৰ সফল মঞ্চায়নে সকলোকে অভিভূত কৰি তোলে।অনুষ্ঠানত অতিথি হিচাপে থাকে লোক কলাবিদ-শিক্ষাবিদ তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড• অনিল শইকীয়া, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সাহিত্যিক ড• জগদীশ পাটগিৰি, অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক শিক্ষাবিদ ড•হৰেন্দ্ৰ বৰা আৰু দমদমা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক শিক্ষাবিদ ড• বিৰাজ দাস।

অভিনেতা তথা সাংবাদিক ৰূপক বৈশ্যই আঁত ধৰা পুতলা নাট খনৰ পুতলা সমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, ৰেকিবুল আহমেদ, পলক কৈৰী, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, অংগৰাগ মহন্ত, কৌস্তাভ চৌধুৰী, তৃষ্ণা কলিতাই, প্ৰতিক্ষ্যা বৰুৱা অঙ্কুৰ দাস আৰু লনী কাকতিয়ে। পুতলা নাট খনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ আৰু সংগীত অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাৰ । “বিষ্ণু ৰাভা” নাট খনৰ সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ । নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কিদৰে জনগণক জাগ্ৰত কৰিছিল সেয়া দেখুওৱা হৈছে। কোনো ধৰণৰ অস্ত্ৰৰে যুদ্ধ নকৰি সাংস্কৃতিক মাধ্যমেৰে বৈপ্লৱিক ধাৰাৰে প্ৰতিপক্ষক মষিমূৰ কৰি আগুৱাই গৈ পৰাভূত কৰিছিল শত্ৰু পক্ষক। সকলো জাতি উপজাতি, ধনী দুখীয়া সকলোকে একত্ৰিত কৰি
কিদৰে জাগ্ৰত হৈছিল স্বাধীনতা আন্দোলনত সুন্দৰকৈ প্ৰতিফলিত কৰিছে নাটখনত। সংগীত-নৃত্য- নাটক আদিৰেও শত্ৰু পক্ষক দমন কৰাৰ যি এক ধাৰা তাক পুতলা নাটত সুন্দৰভাৱে দাঙি ধৰিছে। নিজৰ আই অসমীৰ প্ৰতি সন্মান ৰাখি একত্ৰিত কৰিছিল সকলো শ্ৰেণীক। অসুস্থ দেহাৰেও নিজৰ মাটি, ভেটিত খামুচি ধৰি ৰাখিবলৈ আহ্বান কৰিছিল অসমৰ জনগণক। “বিষ্ণু প্ৰসাদ ৰাভা” পুতলা নাট খনত সুন্দৰ ভাৱে এই সকলোঁ কথাই বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনজোৰা কাৰ্য্য দাঙি ধৰিছে ।

পুতলা নাটখন ছাঁ পুতলা আৰু লাঠী পুতলাৰ জৰিয়তে পৰিবেশন কৰা হয়। সূত্ৰধাৰৰ উপস্থাপনে নাট খনত এক মহানতম কাৰ্য্য উপস্থাপন কৰিছে। সম্পুৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অঙ্কীয়া নাটত দেখুওৱাৰ দৰে সূত্ৰধাৰৰ সাজ সজ্জাৰে পুতলা নাট খন আকৰ্ষিত কৰাৰ লগতে হৃদয়ঙ্গম কৰিছে দৰ্শকক। পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা পৰিলক্ষিত হোৱা নাই। মানৱৰ জৰিয়তে নাট খন পৰিবেশন কৰা যেন দৰ্শকে অনুভৱ কৰিছিল। প্ৰতিটো দৃশ্যই দৰ্শকৰ হৃদয় স্পৰ্শ কৰি গৈছিল। বিনীতা দেৱী আৰু সীমান্ত শৰ্মাৰ প্ৰচেষ্টাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি “বিষ্ণু প্ৰসাদ ৰাভা” নাট খনে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে । সন্মানীয় অতিথি সকলে নাট খন দেখি অভিভূত হৈ পৰে। নাট খনত পুতলা সমূহ সঞ্চালন কৰা বেছি সংখ্যকে শিশু। শিশু সকলক অসমৰ কলাক প্ৰশিক্ষণ প্ৰদান কৰি সফল মঞ্চায়ন কৰাটো অতি কঠিন। তাকো বিনীতা দেৱীয়ে দৰ্শকৰ আগত সম্ভৱ কৰি তুলিছিল। পুতলা নাটকৰ সফল মঞ্চায়নে সাধাৰণ নাট্যৰসিকৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বনামধন্য পৰিচালক, অভিনেতা, শিল্পী, সাহিত্যিক , শিক্ষাবিদ সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ পুতলা নাটৰ শেষত সংগীত শিল্পী দীপা মহন্তৰ জৰিয়তে পুতলা সঞ্চালন কৰা শিল্পী সকলে প্ৰাৰ্থনা পৰিবেশন কৰে। ইতিমধ্যে এই নাট খন বিনীতা দেৱীৰ পৰিচালনাত ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰ সমূহত ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰিও সমাদৰ লাভ কৰিছে ।

Previous Post

ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সভা অনুষ্ঠিত

Next Post

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7