নীট-পিজিৰ খালী হৈ থকা আসনসমূহৰ বাবে অতিৰিক্ত কাউন্সেলিং অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়াৰ প্ৰার্থনাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন খাৰিজ কৰা হৈছে ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে আৱেদনখনৰ শুনানি গ্ৰহণ কৰি কয় যে স্নাতকোত্তৰ (পিজি) শাখাত খালী হৈ থকা আসন পূৰণৰ বাবে বিশেষ ৰাউণ্ডৰ পৰামৰ্শ প্ৰদান কৰাটো চিকিৎসা শিক্ষা আৰু জনস্বাস্থ্যৰ স্বাৰ্থৰ পৰিপন্থী হ’ব ৷
নীট-পিজি ২০২১ত যোগ্যতা অৰ্জন কৰা চিকিৎসকৰ এটা গোটে দাখিল কৰা আবেদন খাৰিজ কৰে ন্যায়ালয়ে ৷ ৭ মে’ত নামভৰ্তি বন্ধ হোৱাৰ পিছত খালী হৈ থকা ১৪৫৬খন পিজি আসনৰ কথা উল্লেখ কৰি বিশেষ কাউন্সেলিং ৰাউণ্ড অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনোৱা হৈছিল ৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে কয় যে আবেদনকাৰীসকলক এনে সকাহ প্ৰদান কৰিলে চিকিৎসা শিক্ষা আৰু জনস্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে।
আস্থা গোৱেলৰ নেতৃত্বত সাতজনীয়া চিকিৎসকৰ এটা দলে দাখিল কৰা আবেদন খাৰিজ কৰি বিচাৰপীঠে কয় যে, ‘৮-৯ ৰাউণ্ডৰ পৰামৰ্শ দিয়াৰ পিছতো ৪০ হাজাৰ আসনৰ ভিতৰত মাত্ৰ ১৪৫৬ খন আসনহে খালী হৈ আছে। ইয়াৰে ১০০০ৰো অধিক নন-ক্লিনিকেল পোষ্ট।”উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই গোচৰটোত ৰায়দান সংৰক্ষণ কৰি ৰাখিছিল ৷ এই সন্দর্ভত কেন্দ্ৰই কয় যে প্ৰতি বছৰে এনেদৰে আসন খালী হৈ থাকে ৷ এই আসনসমূহ অক্লিনিকেল বা শিক্ষক পদ হোৱাৰ বাবেই কেৰিয়াৰত সহায় নকৰে বুলি ভাবি চিকিৎসকসকলে আৱেদন নকৰে ৷ কেন্দ্ৰই জনোৱা মতে, খালী হৈ থকা ১৪৫৬ খন আসনৰ ভিতৰত ১১০০ খন ব্যক্তিগত মহাবিদ্যালয়ৰ আৰু ৩০০খন আসন চৰকাৰী মহাবিদ্যালয়ত আছে।