ম্যানমাৰত ক্ষমতাৰ দখল আৰু অধিক শক্তিশালী কৰাৰ বাবে সামৰিক জুন্টা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । নিৰ্বাচনৰ নিয়ম নমনাৰ বাবে দেশৰ ৪০টা ৰাজনৈতিক দল ভংগ কৰিলে সামৰিক চৰকাৰে। ইয়াৰ ভিতৰত আছে নোবেল বঁটা বিজয়ী ৰাজনীতিবিদ আং ছান ছু কিৰ দল ‘দ্য নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচি’ (এন এল ডি)।
সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচৰা দলসমূহক পঞ্জীয়ন কৰিবলৈ দুমাহৰ সময়সীমা দিয়া বুলি মঙলবাৰে ৰাজ্যিক সংবাদ মাধ্যমত প্ৰশাসনে প্ৰকাশ কৰে। ৬৩টা ৰাজনৈতিক দলে নিজে পঞ্জীয়ন কৰিছে। পঞ্জীয়ন নোহোৱা বাকী ৪০টা দলক অস্তিত্বহীন বুলি গণ্য কৰা হ’ব। এই ৪০টা দলৰ তালিকা দাখিল কৰিছে জন্টা চৰকাৰে। এন এল ডিৰ উপৰিও ইয়াত এন ইউ জিৰ দৰে গুৰুত্বপূৰ্ণ বিৰোধী দলৰ নামো সন্নিবিষ্ট কৰা হৈছে।
২০১৫ আৰু ২০২০ চনত সামৰিক চৰকাৰৰ সমৰ্থিত ইউনিয়ন ছলিডাৰিটি এণ্ড ডেভেলপমেণ্ট পাৰ্টি (ইউ এছ ডি পি)ক দুয়োবাৰেই পৰাস্ত কৰি ম্যানমাৰত এন এল ডি ক্ষমতালৈ আহে। কিন্তু নিৰ্বাচনী ৰিগিঙৰ অভিযোগত জুন্টাই সামৰিক অভ্যুত্থান ঘটায়। এন এল ডিক উৎখাত কৰা হয় আৰু ইয়াৰ নেতা ছু কিক আৰ্থিক দুৰ্নীতিকে ধৰি একাধিক অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷ এইগৰাকী ৭৭ বছৰীয়া অতি জনপ্ৰিয় নোবেল বঁটা বিজয়ী নেতাক ৩৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। দেশতো বিদ্ৰোহৰ সূত্ৰপাত ঘটে। বিৰোধী দল আৰু দেশৰ জনসাধাৰণৰ এটা অংশই সামৰিক চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। জন্টা চৰকাৰে কঠোৰ হাতেৰে পৰিস্থিতি দমন কৰিবলৈ আৰম্ভ কৰিলে। আনকি, সংখ্যালঘু সম্প্ৰদায়ৰ সদস্য, বিৰোধী দলৰ বিৰুদ্ধে অত্যাচাৰ, হত্যাকাণ্ডৰ অভিযোগো উত্থাপন হৈছিল।
সামৰিক চৰকাৰ আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে জানুৱাৰী মাহত সাধাৰণ নিৰ্বাচনৰ কথা ঘোষণা কৰিছিল। আগষ্ট মাহৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ হ’ব বুলিও তেওঁ কয়। অৱশ্যে সেই পথ মুকলি কৰিবলৈ তেওঁলোকে কেইবাটাও কঠোৰ নিৰ্বাচনী নিয়ম প্ৰৱৰ্তন কৰে। তাৰে এটা চৰ্ত আছিল দলৰ নাম পঞ্জীয়ন। মানি নচলা ৪০টা গোট ভংগ কৰা হৈছে।