তালিবানে আফগানিস্তানৰ শাসন ব্যৱস্থা চম্ভালিবলৈ আৰম্ভ কৰাৰ পাছতে কেতবোৰ ব্যৱস্থা সালসলনি কৰা হৈছে ৷ বিশেষকৈ ছোৱালীৰ উচ্চ শিক্ষা, ক্ৰীড়া, কৰ্মসংস্থাপন, বহু অধিকাৰ নোহোৱা হৈ গৈছে। আফগান মহিলাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ মহিলা পৰিচালিত ৰেডিঅ’ ষ্টেচন এটা কেনেবাকৈ চলি আছিল। এইবাৰ তালিবানে সেইটো বন্ধ কৰি দিয়ে। ‘অপৰাধ’ – শীর্ষক এটা গান ৰমজান মাহত সেই ৰেডিঅ’ ষ্টেচনত বজোৱা হৈছিল । যদিও কৰ্মীসকলে দাবী কৰে যে “সকলো ষড়যন্ত্ৰ”।
সদৈ বনৱান — দাৰী ভাষাত এই শব্দৰ অৰ্থ, নাৰীৰ কণ্ঠ। আফগানিস্তানৰ ই আছিল একমাত্ৰ মহিলা পৰিচালিত ৰেডিঅ’ ষ্টেচন। তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছিল দহ বছৰ আগতে। ৮ জন কর্মচাৰীয়ে কাম কৰিছিল। ইয়াৰে ৬ গৰাকী মহিলা। বদাখছান প্ৰদেশৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ সঞ্চালক ম’জুদ্দিন আহমদীয়ে কয় যে ৰেডিঅ’ ষ্টেচনে ৰমজানত বহুবাৰ সংগীত সম্প্ৰচাৰ কৰি আইন ভংগ কৰিছিল। ভৱিষ্যতে আইন মানি চলাৰ প্ৰতিশ্ৰুতি দিলে পুনৰ কাম কৰিবলৈ দিয়া হ’ব। অৱশ্যে ৰেডিঅ’ ষ্টেচনৰ মুৰব্বী নাজিয়া ছ’ৰোছে কয় যে আমি কোনো সংগীত বজোৱা নাছিলো।
ইফালে এটা স্বেচ্ছাসেৱী সংগঠনে দাবী কৰে যে তিনিজন ব্ৰিটিছ নাগৰিকক তালিবানে আটক কৰি ৰাখিছে। ইয়াৰ ভিতৰত আছে কেভিন কৰ্ণৱেল নামৰ এজন স্বেচ্ছাসেৱী চিকিৎসক। আন এজন ইউটিউব তাৰকা হৈছে মাইলছ ৰাউলছ। তৃতীয়জন হ’ল হোটেলৰ মেনেজাৰ। তেওঁৰ নাম জানিব পৰা হোৱা নাই।