বৰ্তমান সময়ত অসমৰ শৈক্ষিক জগতৰ এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান ‘বিদ্যা: দ্য লিভিং স্কুল’ ৷যি শিক্ষানু্ঠানত শিক্ষাৰ্থীসকলক পাঠদান কৰা হয় “জীৱন জীৱিকা আৰু কৌশল”ৰ ৷
সামাজিক মাধ্যমতো সময়ে সময়ে সমাদৃত ঐছে তেওঁলোকৰ এই প্ৰচেষ্টাৰ সবিশেষ ৷ আনহাতে বিদ্যালয়খনৰ এই সুকীয়া পদক্ষেপৰ বাবেই অসমৰ সংবাদ শিৰোনাম লাভ কৰিছে এই ব্যতিক্ৰমী বিদ্যালয়খনে
ছাত্ৰছাত্ৰী সকলক ব্যৱাৰিক দিশত বিভিন্ন বিষয়ৰ পাঠদান কৰি জীৱনমুখী কৰি তোলাৰ ক্ষেত্ৰত বিদ্যালয়খনে এক অগ্ৰণী ভূমিকা গ্ড়ণ কৰা দেখা পোৱা গৈছে ৷
শেহতীয়াকৈ বিদ্যালয়খনৰ সামাজিক মাধ্যমৰ এটা পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ধেমাজীৰ সুবাহী নামৰ সৰু গাওঁখনত অৱস্থিত এই বিদ্যালয় খনত শিক্ষক শিক্ষয়িত্ৰী সকলৰো আপ্ৰাণ চেষ্টা নৱপ্ৰজন্মক জীৱন আৰু জীৱিকাৰ পাঠদান কৰাৰ ৷
বিদ্যা:দ্য লিভিং স্কুলত তেওঁলোকে সদায় চেষ্টা কৰি আহিছে ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ধৰণৰ কৌশল শিকাবলৈ । শিক্ষানুষ্ঠানখনত প্ৰতিদিনেই শিক্ষাৰ তিনিটা কৌশলৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰি থকা হৈছে তাৰে এটা হ’ল “জীৱন জীৱিকা কৌশল” য’ত- চাবোন প্ৰস্তুতকৰণ, অৰ্কিড প্ৰতিপালন, কেঁচু সাৰ প্ৰস্তুত কৰণ, নেমুৰ বাগিছা, হস্ততাঁত ,তুলসী চাহ ,চজিনা পাতৰ চাহ ইত্যাদি প্ৰস্তুত কৰিবলৈ শিকোৱা হৈছে ।
তেওঁলোকক এই কৌশল শিকোৱাৰ ফলত ইয়াৰ জৰিয়তে ছাত্ৰ- ছাত্ৰী সকলে যাতে অৰ্থ উপাৰ্জন কৰি নিজৰ প্ৰয়োজন সমূহ পূৰাব পাৰে তাৰ বাবে অহৰহ চেষ্টা কৰি গৈছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। শেহতীয়াকৈ বিদ্যা: দ্য লিভিং স্কুলৰ ষ্টলত উপলব্ধ হৈছে চজিনা পাতৰ চাহ ।
সেয়েহে শিক্ষাৰ্থী সকলে নিৰ্মাণ কৰা এই চজিনাৰ চাহৰ সোৱাদ ল’বলৈ আৰু তেওঁলোকক উৎসাহিত কৰিবলৈ সামাজিক মাধ্যম যোগে অসমৰ ৰাইজক অনুৰোধ জনাইছে বিদ্যা: দ্য লিভিং স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলে ।