শক্তিশালী ভূমিকম্পই কঁপাই তুলিলে নিউজিলেণ্ড। বৃহস্পতিবাৰে পুৱা নিউজিলেণ্ডৰ কাৰ্মাডেক দ্বীপপুঞ্জ অঞ্চলত ভূমিকম্পৰ সৃষ্টি হয়। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভে (USGS)ৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.১।
ইউ এছ জি এছৰ সূত্ৰ অনুসৰি এই কম্পনৰ উৎস আছিল মাটিৰ পৰা ১০ কিলোমিটাৰ তলত। এই প্ৰতিবেদন লিখা পৰ্যন্ত ক্ষতিৰ পৰিসৰ জানিব পৰা হোৱা নাছিল। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰৰ ভিতৰত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। কিন্তু পিছত সেই দেশৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই কয় যে চুনামীৰ কোনো বিপদ নাই।