নিজৰ শিল্প কৰ্মৰ মাজত এতিয়াও জীয়াই আছে অসমৰ এগৰাকী স্বনামধন্য চিত্ৰশিল্পী ৰবীন বৰুৱা । কিয়নো নিজকে লুকুৱাই ৰাখি ভালপোৱা এগৰাকী সঁচা চিত্ৰ শিল্পী কায়িক ভাবে নোহোৱা হ’লেও তেওঁৰ শিল্প কৰ্মৰ যোগেদিয়েই মানুহৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস কৰিছে তেওঁক প্ৰাণভৰি ভাল পোৱা তেওঁৰেই অৰ্ধাংগিনী জোনা বৰুৱাফুকনে ।
এইবাৰ যোৰহাটত আয়োজন কৰা শিল্পী গৰাকীৰ দ্বাৰা সৃষ্ট চিত্ৰ প্ৰদৰ্শনীলৈ সকলোকে নিমন্ত্ৰণ জনাই সামাজিক মাধ্যমত তেওঁ লিখিলে যে মানুহক প্ৰাণ ভৰি ভাল পোৱা অতনু শিল্পীজনক লগ পাবলৈ এবাৰ যেন সকলো আহে যোৰহাটৰ জেইল ৰ’ড স্থিত ভিজন আৰ্ট অসম (VISION ART ASOM ) নামৰ কলা বীথিকালৈ। লগতে প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ দিন,বাৰ, সময় উল্লেখ কৰি তেওঁ ক’লে যে অহা ১২ ডিচেম্বৰ সোমবাৰে বিয়লি ৩ বজাৰ পৰা ১৪ ডিচেম্বৰ গধূলি ৭ বজালৈকে কলা বীথিকাৰ বগা বেৰবোৰত ওলমি থাকিব শিল্পী জনৰ যাদুকৰী হাতৰ অলেখ ছবি । এবুকু আশা বুকুত বান্ধি লৈ প্রিয় শিল্পী জনক ৰাইজৰ ওচৰলৈ অনাৰ এইয়া প্ৰয়াস মাত্ৰ। প্ৰদৰ্শনীখন উপভোগ কৰি কলাপ্ৰেমী সকলে বৰ ভাল পাব কিয়নো তেওঁলোকে শিল্পী জনাক লগ পাব তেওঁৰ সৃষ্টিৰ জৰিয়তে ।
ৰাইজক আমন্ত্ৰণ জনাই পুনৰ শিল্পী গৰাকীৰ পত্নী জোনা বৰুৱাফুকনে লিখিলে ‘নিৰ্বাক ছবি বোৰো যেন সবাক হৈ পৰে প্রিয় মানুহ বোৰৰ সান্নিধ্য পালে ।যেন হাঁহে ..কান্দে .. বহুত নোকোৱা মনৰ কথাও ক’ব খোজে !!’