যৌতুক নোপোৱাৰ বাবে বিবাহ ভংগ কৰি বিবাহগৃহৰ পৰা ওলাই যোৱাটো অস্বাভাৱিক নহয়। বেছিভাগ ক্ষেত্ৰতে এনে ঘটনা দৰাৰ পক্ষত সংঘটিত হয়। কিন্তু এইবাৰ তাৰ বিপৰীত এক ঘটনাহে সংঘটিত হ’ল । দৰাঘৰৰ পৰা দিয়া গহণাৰ পৰিমাণ দেখি খঙাল কইনাজই বিয়াত নবহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
এক খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ কানপুৰ গ্ৰাম্য অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মনপুৰৰ যুৱতীগৰাকীৰ স্থানীয় এজন যুৱকৰ সৈতে বিয়া ঠিক হয় । ঘটনাৰ দিনা পুৱাৰে পৰা বিবাহ অনুষ্ঠান চলি আছিল। সময়মতে দৰা-কইনা বিবাহ অনুষ্ঠানত উপস্থিত হ’ল। কিন্তু মাল্যপর্ণৰ পূর্বে বিবাহস্থলীত হুলস্থল লাগিল ৷
বিবাহ প্ৰথা অনুসৰি বিয়াৰ সময়ত কইনাক দৰা ঘৰৰ পৰা শাৰী, গহনা দিয়া হয় ৷ কিন্তু গহনাৰ পৰিমাণ ইমানেই কম যে কইনাজনী দেখিয়েই হতভম্ব হৈ পৰে। বিয়াৰ অনুষ্ঠানৰ মাজতে বিয়াত নবহে বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷আৰক্ষীৰ সূত্ৰৰ মতে, কেৱল কইনাজনীয়েই নহয়, কইনাক দিয়া গহনা দেখি ক্ষুব্ধ হৈ পৰা তেওঁৰ পৰিয়ালৰ সকলো সদস্যই দৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহে ৷দীঘলীয়া আলোচনাৰ অন্তত দুয়োপক্ষই বিবাহ ভাঙিবলৈ সন্মত হয় ৷