অমৰনাথ যাত্ৰাৰ প্ৰাকক্ষণত সন্ত্ৰাসবাদীৰ এক ভয়ানক কূটাঘাত প্ৰতিহত কৰিবলৈ সক্ষম হৈছে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফে ৷ জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ বাবে পাকিস্তানৰ উগ্ৰপন্থী সংগঠনে নির্মাণ কৰিছিল এই গোপন সুৰংগ পথ ৷ বুধবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ চাম্বাৰ সীমান্তৰ তলৰ এক এলেকাত ১৫০ মিটাৰ দীঘল সুৰংগটো উদ্ধাৰ কৰিছিল বিএছএফে ৷
সীমান্ত সুৰক্ষা বাহিনীৰ ডিআইজি এছ পি এছ সান্ধুৱে কয়, “এই সুৰংগটো চিনাক্ত হোৱাৰ লগে লগে বিএছএফে আগন্তুক অমৰনাথ যাত্ৰাত বাধা দিবলৈ পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীয়ে কৰা অভিপ্ৰায় বিফল কৰিবলৈ সক্ষম হ’ল।”
সুৰংগটো পাকিস্তানৰ ফালৰ নতুনকৈ খনন কৰা হৈছিল ৷ ইয়াৰ বহল প্ৰায় ২ ফুট ৷ সুৰংগটো শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ ব্যৱহৃত ২১ টা বালিৰ মোনা বি এছ এফে উদ্ধাৰ কৰিছে ৷ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি ভূগৰ্ভস্থ সুৰংগটো পাকিস্তান ভিত্তিক জৈচ-ই-মহম্মদ (জেইএম) সন্ত্ৰাসবাদী গোটৰ দুজন আত্মঘাতী বোমাৰুৱে ভাৰতত প্ৰৱেশ কৰিবলৈ খনন কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে ৷