জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যাত্ৰীবাহী এখন বাছ বাগৰি পৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি বাছখনত মুঠ ৭৫ জন যাত্ৰী আছিল। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি ইয়াৰে কমেও ৮ জন যাত্ৰীৰ মৃত্যু হৈছে। আন বহু লোক আহত হয়।
মঙলবাৰে পুৱা পঞ্জাৱৰ অমৃতসৰৰ পৰা পৰ্যটক কঢ়িয়াই অনা এখন দীৰ্ঘ দূৰত্বৰ বাছ কাটৰা অভিমুখে গৈ আছিল। মূলতঃ সেই বাছেৰে তীৰ্থযাত্ৰীসকল বৈষ্ণোদেৱী মন্দিৰলৈ গৈছিল। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছখন যাত্ৰা কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দলঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় চালকজনে। বাছখন ওলোটা হৈ দলঙৰ পৰা বাগৰি পৰে। কাটৰাৰ পৰা এই দুৰ্ঘটনাস্থলীৰ দূৰত্ব কমেও ১৫ কিলোমিটাৰ।
বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। খবৰ অনুসৰি এই দুৰ্ঘটনাত ২০ জনতকৈ অধিক যাত্ৰী আহত হয়। চিকিৎসাৰ বাবে জম্মুৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহতসকল । আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক।