আজি ৫টা বিধানসভা সমষ্টিত অসম বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছে। নিৰ্বাচনত ৩১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । মুঠ ৭, ৯৬,৪৫৬ লাখ ভোটাৰে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা বিধানসভা সমষ্টি হৈছে মৰিয়নি, থাওৰা, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাইগাঁও।এই সমষ্টিসমূহৰ ভোটগণনা অহা ২ নৱেম্বৰত হ’ব।
উল্লেখযোগ্য যে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই কংগ্ৰেছ ত্যাগ কৰে আৰু বিজেপিত যোগদান কৰে। যাৰ বাবে এই সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। বৰগোহাঁইয়ে কংগ্ৰেছৰ হৈ দুবাৰ (২০১১ আৰু ২০২১) থাওৰাত জয়লাভ কৰিছিল। সেইদৰে ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক্ৰমে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। তদুপৰি তেওঁলোকে বিধায়ক পদ ত্যাগ কৰে। যাৰ বাবে দুয়োটা সমষ্টিতে উপ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। আনহাতে, তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰ বিধায়ক দুগৰাকীৰ বিয়োগ ঘটে।
আজি পুৱাৰে পৰা সমষ্টিকেইটাত ভোটদানৰ বাবে সাধাৰণ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। কভিড বিধি মানি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। সামাজিক দূৰত্ব মানি শাৰী পাতি ভোটাৰসকলে ভোটদান কৰিছে। ইতিমধ্যে আজিৰ দিনটো এই পাঁচটা সমষ্টিতে বেতনসহ স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকল উপস্থিত হৈছিল।