ৰাজধানী দিল্লীত সংঘটিত হয় এক শোকাৱহ পথ দূর্ঘটনা ৷ দুজন স্কুটী আৰোহীক এখন গাড়ীয়ে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এজন লোকৰ মৃত্যু হয়। আন এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে নিজা উদ্যোগত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত একেইবাকনো লোকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰা নাই ৷
প্ৰত্যক্ষদৰ্শীৰ বিৱৰণীত এই ঘটনাৰ ভয়াবহতা প্ৰকাশ পাইছে। যোৱা শনিবাৰে দিল্লীৰ অন্যতম নিৰাপদ স্থান হিচাপে পৰিচিত কস্তুৰবা গান্ধী মাৰ্গৰ পৰা টলষ্টয় মাৰ্গ অভিমুখে গৈ আছিল এখন চাৰিচকীয়া বাহন। তীব্ৰবেগী গাড়ী এখনে সন্মুখৰ স্কুটাৰ এখনত খুন্দা মাৰে। এই আঘাতৰ বাবে গাড়ীৰ চাদত চিটিকি পৰে এজন স্কুটাৰ আৰোহী । আন এজন কেইবাফুট দূৰত চিটিকি পৰে । প্ৰত্যক্ষদৰ্শী মহম্মদ বিলালে জনোৱা মতে, সেই পৰিস্থিতিত গাড়ীখন তীব্ৰ বেগত চলিবলৈ আৰম্ভ কৰে। বিলালে লগতে কয় যে তেওঁ বহুবাৰ স্কুটাৰৰ হৰ্ণ দি চালকজনক সকীয়াই দিবলৈ চেষ্টা কৰিছিল যদিও গাড়ীখন ৰখাই দিয়া হোৱা নাছিল।
প্ৰায় ৩ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত গাড়ীৰ ভিতৰত থকা যাত্ৰীসকলে দিল্লী গেটৰ সমীপত গাড়ীৰ বনেটত পৰি থকা যুৱকজনক টানি পথত পেলাই দিয়ে। ইয়াৰ পিছত গাড়ীখন আকৌ তীব্ৰ বেগত চলিবলৈ ধৰিলে। গাড়ীৰ ওপৰত থকা ব্যক্তিজনৰ নাম দীপাংশু বাৰ্মা। গুৰুতৰভাৱে আহত হোৱাৰ পিছত তেওঁৰ মৃত্যু হয়। তেওঁৰ সৈতে স্কুটিত থকা ২০ বছৰীয়া ভতিজাজন আহত হয় যদিও ৰক্ষা পৰে