গাড়ী চালকসকলে ধৰ্মঘটৰ আহ্বান জনাইছে। সকলো ধৰণৰ বাহনৰ চলাচল স্তব্ধ হৈ পৰিছে ৷যাক লৈ সমস্যাত পৰিল এজন দৰা ৷ এফালে বিয়া, আনফালে নাই গাড়ী ৷ উপায়বিহীন হৈ দৰাই ল’লে খোজকাঢ়ি যোৱাৰ সিদ্ধান্ত ৷ ২৮ কিলোমিটাৰ পথ খোজ কাঢ়ি দৰা অৱশেষত উপস্থিত হ’ল কইনাৰ ঘৰত ৷ ওড়িশাৰ ৰায়গড় জিলাত সংঘটিত হৈছে এই ঘটনা। শেহতীয়াকৈ পোহৰলৈ আহিছে দৰাই খোজ কাঢ়ি যোৱা ভিডিঅ ৷
ৰায়গড় জিলাৰ সুনাখণ্ডী পঞ্চায়ত অঞ্চলত দৰাৰ ঘৰ। তাৰ পৰা ২৮ কিলোমিটাৰ নিলগত কল্যাণসিংপুৰ ব্লকৰ দিবালপাডু গাঁৱত কইনাৰ ঘৰ। বিয়াৰ দিন ঠিক হোৱাৰ সময়ত কোনো ধৰ্মঘট হোৱাৰ কথা নাছিল। বিয়াৰ এদিন আগতে তেওঁলোকে গম পালে যে গাড়ীচালকসকলে ধর্মঘটৰ আহ্বান জনাইছে ৷ কইনাৰ ঘৰ কেনেকৈ পাম বুলি চিন্তিত হৈ পৰে দৰা । কিন্তু শেষত দৰাই নিজেই সমাধান বিচাৰি উলিয়াই আৰু গাড়ী নাপালে খোজকাঢ়ি বিয়া পাতিবলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
তেনেকৈয়ে বিয়াৰ এদিন আগেয়ে ঘৰৰ দুই এজন সদস্যৰ সৈতে দৰা ওলাই গ’ল হ’বলগীয়া কইনাৰ ঘৰলৈ ৷ গোটেই ৰাতি খোজ কাঢ়িলে। বিয়াৰ দিনা নিৰ্দিষ্ট সময়ত কইনাৰ ঘৰত উপস্থিত হয়। কিছু সময় জিৰণি লৈ দৰা বিয়াত বহিল। ইয়াৰ পিছত বিয়াখন সঠিকভাৱে সমাপ্ত হ’ল। কিন্তু বিয়াৰ পিছত দৰাজনে নতুন পত্নীৰ সৈতে খোজকাঢ়ি ঘৰলৈ উভতি অহাৰ ৰিস্ক লোৱা নাছিল। সম্প্ৰতি কিছু আত্মীয়ৰ সৈতে তেওঁ শহুৰেকৰ ঘৰতে আছে ৷ ধৰ্মঘট শেষ হ’লে কইনাৰ সৈতে ঘৰলৈ উভতি আহিব বুলিও তেওঁ কয়।
চলিত সপ্তাহৰ মাজভাগত সমগ্ৰ ওড়িশাত গাড়ীচালকসকলে ধৰ্মঘটৰ আহ্বান জনাইছে। জীৱন বীমা, পেঞ্চনকে ধৰি একাধিক দাবীক লৈ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ আহ্বান জনাইছে। জানিব পৰা মতে, ওড়িশা চৰকাৰে চালকসকলক তেওঁলোকৰ দাবী পূৰণ কৰা হ’ব বুলি আশ্বাস দিছে।