লাহে লাহে বিশ্বজুৰি বৃদ্ধি পাইছে উত্তাপ ৷ ইউৰোপ আৰু আমেৰিকাত তাপমাত্ৰা অত্যাধিক বৃদ্ধি পাইছে ৷মঙলবাৰে ৰাষ্ট্ৰসংঘই উত্তৰ গোলাৰ্ধৰ সামগ্ৰিক উষ্ণতা অধিক বৃদ্ধি পাব বুলি সকীয়নি প্ৰকাশ কৰিছে। ক্ৰমান্বয়ে বৃদ্ধি পাব বনজুই আৰু বানপানীৰ সমস্যা।
বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ বিশেষজ্ঞ জন ন’ৰিনৰ মতে, পৰিৱেশৰ অৱক্ষয়ৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে অধিক গ্ৰীষ্মপ্ৰৱাহৰ বাবে মানুহ সাজু হ’ব লাগিব। ইউৰোপ আৰু আমেৰিকাত গৰম অত্যাধিক বৃদ্ধি পাইছে ৷ যিবোৰ চহৰত এসময়ত এয়াৰ কণ্ডিচনাৰ বা ফেনৰ ব্যৱহাৰ কল্পনা কৰাটো কঠিন আছিল, সেইবোৰ চহৰত এতিয়া ফেন আৰু এচি বিলাসী সামগ্ৰীত পৰিণত হৈছে । গ্ৰীষ্মপ্ৰৱাহৰ বাবে ৰোম আৰু ফ্ল’ৰেন্সকে ধৰি ২০খন চহৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
বতৰ বিজ্ঞানীসকলৰ মতে আজি ইটালীত গ্ৰীষ্মপ্ৰৱাহে সৰ্বোচ্চ তীব্ৰতা লাভ কৰিব পাৰে। চাৰ্ডিনিয়াৰ তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। স্পেইনৰ কিছুমান ঠাইত তাপমাত্ৰা ৪১ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে ।
বতৰ বিজ্ঞানীসকলৰ মতে আমেৰিকাৰ কিছুমান অঞ্চলৰ তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ’ব আৰু কেলিফৰ্ণিয়াৰ ডেথ ভেলীৰ তাপমাত্ৰা ৫৪ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে ৷ দক্ষিণ ইউৰোপৰ কেইবাটাও স্থানত বনজুইৰ প্ৰকোপ বৃদ্ধি পাইছে ৷গ্ৰীচ তাৰ ভিতৰত অন্যতম। ইউৰোপীয় সংঘই এই অঞ্চললৈ জৰুৰীকালীন বিমান প্ৰেৰণ কৰি জুই নিৰ্বাপন কৰিছে। চুইজাৰলেণ্ডত বিয়পি পৰিছে এই অগ্নিকাণ্ড।
এই উত্তাপে পৰ্যটনত প্ৰভাৱ পেলাইছে। ইউৰোপীয় ট্ৰেভেল এজেন্সী (ইউৰোপীয় ট্ৰেভেল কমিছন)ৰ তথ্য অনুসৰি গ্ৰীষ্মকালৰ বাবে ইটালী, ফ্ৰান্স আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ পৰ্যটন ১০ শতাংশ হ্ৰাস পাইছে। পৰ্যটকসকলে তুলনামূলকভাৱে শীতল দেশ যেনে চেক গণৰাজ্য, ডেনমাৰ্ক, বুলগেৰিয়া আৰু আয়াৰলেণ্ড বাছি লৈছে।
২০২৩ চনৰ জুন আৰু জুলাইৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰাই নতুন অভিলেখ ৰচনা কৰিছে । আমেৰিকা, ইউৰোপ আৰু চীনকে ধৰি এছিয়াৰ বিভিন্ন ঠাইত অবিৰতভাৱে গ্ৰীষ্মপ্ৰৱাহ চলি আছে। প্ৰশান্ত মহাসাগৰত এল নিনো তীব্ৰতৰ হৈ পৰিছে। আৰু ফ্ল’ৰিডাৰ সমীপৰ আটলাণ্টিক মহাসাগৰৰ উষ্ণতা ৩২.২ ডিগ্ৰী চেলছিয়াছ হৈছেগৈ।