বিতর্কই লগ এৰা নাই মহানগৰীৰ নৱনির্মিত উৰণ সেঁতুক ৷ উৰণ সেঁতুখনৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ দৰে ঘটনাই সৃষ্টি কৰা প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ উৰণ সেঁতুখনৰ পৰা চুৰি হ’ল লাইট ৷ সেতুখনৰ ৰেলিঙত লাগি থকা লাইট চুৰি কৰে এজন যুৱকে। এখন বাইকেৰে অহা এজন যুৱকে লাইট চুৰি কৰি থকা সমগ্ৰ ঘটনা কেমেৰাত বন্দী হৈছে ৷
কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি সেতুৰ ওপৰত বাইকখন ৰখাই অতি কৌশলেৰে যুৱকজনে লাইট চুৰি কৰি লৈ যায় ৷ । চুৰিকাণ্ড সংঘটিত কৰিয়েই সেই ঠাইৰ পৰা যুৱকজনে পলায়ন কৰে।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সেতুখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে অস্থায়ীভাৱে প্ৰায় ১৩০০ ৰঙীন লাইট সংস্থাপন কৰা হৈছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মুকলিৰ দিনাৰ পৰাই এই লাইটসমূহ চুৰি হৈছে। মুকলিৰ এমাহ নৌ হওঁতেই বৰ্তমানলৈ সেতুখনৰ পৰা ৬০০ৰো অধিক লাইট চুৰি হৈছে ৷
এই সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে । এই এজাহাৰৰ ভিত্তিতেই ১০ ছেপ্টেম্বৰত জালুকবাৰী আৰক্ষীয়ে ৩টা চোৰক হাতে-লোটে ধৰা পেলাইছিল। কিন্তু তাৰ পাছতো নীলাচল উৰণ সেতুত লাইট চোৰৰ উপদ্ৰৱ হ্ৰাস পোৱা নাই।
`