অত্যাধুনিক প্ৰযুক্তি সম্পন্ন মেচিনে কৰিব নোৱাৰা কাম কৰি চর্চালৈ আহিছে এটা কুকুৰ ৷ কুকুৰটোৰ বাবেই ইটালীত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হ’ল কোটি টকাৰ ড্ৰাগছ ৷ কল ৰপ্তানি কৰা বাকচৰ ভিতৰত ড্ৰাগছ সৰবৰাহ হৈছিল। এই খবৰ লাভ কৰিছিল আৰক্ষীয়ে । লগতে আৰক্ষীয়ে গম পায় যে বিক্ৰেতাজন কোনো কাৰণতে ফলৰ ব্যৱসায়ৰ সৈতে জড়িত নহয়। স্ক্যানাৰৰ সহায়ত বাকচবোৰ চেক কৰা হয় যদিও ড্ৰাগছৰ উপস্থিতি ধৰা পৰা নাছিল। শেষত আৰক্ষীয়ে এটা কুকুৰৰ সহায়ত বাকচসমূহ পৰীক্ষা কৰে । কুকুৰটোৱে সহজে ড্ৰাগছ ভর্ত্তি বাকচসমূহ সহজে চিনাক্ত কৰিবলৈ সক্ষম হয় ৷
ইটালীত সংঘটিত হৈছে এই ঘটনা। তাত থকা আৰক্ষীয়ে জনোৱা মতে, ইকুৱেডৰৰ পৰা ইটালীৰ উপকূললৈ কেইবাটাও কলৰ বাকচ আহিছিল। কলৰ বাকচবোৰ পৰীক্ষা কৰি থাকোঁতে হঠাতে আৰক্ষীৰ কুকুৰটোৱে ভুকুবিলৈ ধৰিলে। কুকুৰটোৱে বাকচটো খোঁচ মাৰি থকা দেখা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, জাৰ্মান প্ৰজাতিৰ কুকুৰটোৰ দূৰৰ পৰাও ড্ৰাগছৰ গোন্ধ লোৱাৰ ক্ষমতা আছে। সেই গুণ ব্যৱহাৰ কৰি অৱশেষত আৰক্ষীয়ে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ তেওঁলোকে জনোৱা মতে, ৭০ টন ওজনৰ কলৰ বাকচত থকা প্ৰায় ২৭০০ কেজি কোকেইন ক্ৰ’ৱেচিয়া, জৰ্জিয়া আৰু গ্ৰীচলৈ সৰবৰাহ কৰা হৈছে। যাৰ আনুমানিক মূল্য ১৩ কোটি ডলাৰৰ কম। ভাৰতীয় মুদ্ৰাত যিটো ১০ হাজাৰ ৭১১ কোটি টকাৰ সমান।