মঙলবাৰে দেশত ক’ভিড ৰোগীৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি মঙলবাৰে দেশত ১১৩৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। এদিনতে ৫ জন লোকৰ মৃত্যু হৈছে । ক’ভিড সংক্ৰমণ আৰু মৃত্যুৰ হাৰত ই শেহতীয়া সময়ছোৱাত সৰ্বাধিক বুলি ধাৰণা কৰা হৈছে। এই পৰিসংখ্যা ওলোৱাৰ পাছত এই প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে যে ক’ভিডে পুনৰ জটিল ৰূপ ধাৰণ কৰিব নেকি ?
৫ জন ক’ভিড ৰোগীৰো মৃত্যু হয় মঙলবাৰে। মৃত লোক কেইজন ছত্তীশগড়, দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ। দেশত এই পৰ্যন্ত ক’ভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫, ৩০, ৮১৩ জন। দৈনিক ক’ভিড পজিটিভিটিৰ হাৰ ১.০৯ শতাংশ। সাপ্তাহিক হাৰ ০.৯৮ শতাংশ। এই পৰ্যন্ত দেশত ৪.৪৬ কোটি লোক ক’ভিডত আক্ৰান্ত হৈছে। কিন্তু চিকিৎসকে কয় যে এতিয়া ক’ভিডকলৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। চিকিৎসকে টিকাকৰণ আৰু পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয়। মাত্ৰ যোৱা সপ্তাহত প্ৰায় চাৰি মাহৰ পিছত দেশত ক’ভিড সংক্ৰমণৰ সংখ্যাই সাতশ অতিক্ৰম কৰিলে। যোৱা বুধবাৰে ৭৫৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছিল। তাৰ আগতে যোৱা নৱেম্বৰ মাহত ক’ভিড সংক্ৰমণৰ সংখ্যা ৭০০ আছিল ৷ তাৰ পাছত সংক্ৰমণৰ হাৰ কমি আহিছিল।
শীতকালৰ শেষত গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ পূর্বে প্ৰতি বছৰে অসুস্থতা বৃদ্ধি পায়। কিন্তু যোৱা কেইমাহমানৰ পৰা জ্বৰ-কাহ-শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও শিশুসকলো এডিন’ভাইৰাছত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে দৈনিক ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে স্বাস্থ্য বিশেষজ্ঞসকল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিদেশী পৰ্যটকৰ শৰীৰত প্ৰায়ে কৰোনাৰ উপস্থিতি পোৱা যায়। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ পৰা ৰাজস্থানলৈ অহা চাৰিজন পৰ্যটকৰ মাজত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।