শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলোৱে আইচক্ৰীম খাই ভাল পায়। যিকোনো উডযাপনৰ সময়ত আইচক্ৰীম বৰ জনপ্ৰিয়। ভেনিলাৰ পৰা চকলেটলৈকে—যি সোৱাদেই নহওক কিয়, আইচক্ৰীম বহুতে ভাল পায়। কিন্তু যদি আইচক্ৰীমৰ দাম কেইবা লাখ টকা হয়, তেন্তে আইচক্ৰীম খোৱাৰ আগতে দুবাৰ চিন্তা নকৰাকৈ চাগে থাকিব নোৱাৰিব ৷ শেহতীয়াকৈ জাপানীজ আইচক্ৰীম নিৰ্মাতা এটা কোম্পানীয়ে মূল্যৱান আইচক্ৰীম তৈয়াৰ কৰিছে। জাপানীজ য়েনত এই আইচক্ৰীমৰ দাম ৮ লাখ ৭৩ হাজাৰ ৪০০ টাকা। ভাৰতীয় টকাত ইয়াৰ দাম ৫.২ লাখ টকা।
জাপানী কোম্পানী ‘চিলাটো’ এই আইচক্ৰীমৰ মূল প্ৰস্তুতকাৰক। আইচক্ৰীমৰ দাম শুনি স্বাভাৱিকতে আচৰিত হয়। কিন্তু এই আইচক্ৰীমৰ বিশেষত্ব কি, যাৰ বাবে দাম আকাশলংঘী হৈছে, বহু লোকৰ মনত কৌতুহলৰ সৃষ্টি হৈছে। কোম্পানীটোৰ মতে আইচক্ৰীম প্ৰস্তুতৰ অন্যতম প্ৰধান উপাদান হ’ল বগা ট্ৰাফেল। যিটো যথেষ্ট বিৰল। সাধাৰণতে উপলব্ধ নহয়। যিটো ইটালীৰ আলবাত পোৱা যায়। দামও বহুত বেছি। এক কিলোগ্ৰাম বগা ট্ৰাফেলৰ দাম ২০ লাখ জাপানী য়েন। ভাৰতীয় মুদ্ৰাত যিটো ১২ লাখ টকাৰ ওচৰত।
আইচক্ৰীমৰ উপাদানবোৰ শুনিলেই নিশ্চিত যে সোৱাদটোৱেই ইয়াৰ উত্তৰ হ’ব। দেখাত এই আইচক্ৰেম অতি আকৰ্ষণীয় । আইচক্ৰীমৰ ওপৰত চীজৰ ডাঠ তৰপ দিয়া হয় । কোম্পানীটোৱে কয় যে এই আইচক্ৰীম বনাবলৈ প্ৰায় ডেৰ বছৰ সময় লাগিছিল।