মাওবাদী দমন অভিযানত অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে ৷ মাওবাদী নেতা জানুমুৰি শ্ৰীনুবু ওৰফে সুনীল ওৰফে ৰাইনোক মঙলবাৰে নিশা এ এছ আৰ (আল্লুৰি সীতাৰাম ৰাজু) জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আজি আৰক্ষীয়ে এই কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে ৷
এ এছ আৰৰ জিলা আৰক্ষী অধীক্ষক সতীশ কুমাৰে জনোৱা মতে, নিৰ্দিষ্ট সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ লগে লগে অন্ধ্ৰ-ওড়িশা সীমান্তৰ পাহাৰীয়া, বনাঞ্চলত অভিযান চলোৱা হয়। সতীশ নিজেই মাওবাদী দমনৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত সশস্ত্ৰ আৰক্ষী বাহিনী চি আৰ চি-৩ কোম্পানীৰ নেতৃত্ব দিছিল। তেওঁ কয়, “ কিছুদিন ধৰি হাবিত গুলীয়াগুলীৰ অন্তত মাওবাদী নেতাজনক গ্ৰেপ্তাৰ কৰা হৈছিল।” আৰক্ষীয়ে তেওঁৰ পৰা এটা আগ্নেয়াস্ত্ৰ, আই ই ডি আৰু কিছু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।
আৰক্ষীয়ে দাবী কৰিছে যে ৰাইনো নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ ‘অন্ধ্ৰ-ওড়িশা সীমান্ত বিশেষ খণ্ড সমিতি’ৰ সদস্য আছিল। তেওঁৰ মূৰৰ দাম আছিল ৫ লাখ টকা। ২০১৮ চনত আৰাকুৰৰ বিধায়ক ছিবেৰী ছ’মাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল এইজন মাওবাদী নেতা। ২০০০ চনত মাওবাদী সংগঠনত যোগদান কৰা ৰাইনোৱে বিভিন্ন সময়ত দলটোৰ পিএলজিএ (পিপলছ লিবাৰেচন গেৰিলা আৰ্মি)ৰ কেইবাটাও দলৰ নেতৃত্ব দিয়া বুলিও আৰক্ষীয়ে দাবী কৰে।