গুৱাহাটী , ২৫ জানুৱাৰী : উল্লেখ যোগ্য যে অসমৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে ২০০৫ চনত অসম চৰকাৰে যোৰহাট মেডিকেল ইনষ্টিটিউটত Diploma in Medicine and Rural Health Care নামৰ এটি পাঠ্যক্ৰম আৰম্ভ কৰিছিল ৷ অসমৰ প্ৰতিখন জিলাৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ মেধাৰ ভিত্তিত দুজনকৈ ছাত্ৰ-ছাত্ৰী বাছনি কৰি এই পাঠ্যক্ৰম পঢ়াৰ সুবিধা অসম চৰকাৰে প্ৰদান কৰিছিল ৷
ইতিমধ্যে ৮৫৬ জন ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰম সমাপ্ত কৰি অসমৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাসেৱা আগবঢ়াই আছে ৷
এইখিনিতে উল্লেখযোগ্য যে ২০০৫ চনতে ইণ্ডিয়ান মেডিকেল এচোচিয়েচন অসম শাখাই অসম চৰকাৰৰ এই পাঠ্যক্ৰমৰ বিৰোধিতাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত এক গোচৰ তৰিছিল ৷ আৰু উক্ত গোচৰৰ ভিত্তিত ২০১৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰে চিকিৎসা বিজ্ঞানৰ চাৰে তিনিবছৰীয়া পাঠ্যক্ৰম প্ৰবৰ্তনৰ বাবে প্ৰণয়ণ কৰা ARHRA Act খন অসাংবিধানিক বুলি ৰায় প্ৰদান কৰে ৷
গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰোধিতাৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ২০১৫ চনত উচ্চতম ন্যায়ালয়ত এক গোচৰ তৰে (SLP : ) ৷ যোৱা কালি উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায় প্ৰদান কৰে ৷ কিন্তু দুৰ্ভাগ্যবশত উচ্চতম ন্যায়ালয়ৰ ৰায়টো আধৰুৱাকৈহে সংবাদ মাধ্যমত প্ৰকাশ পায় ৷ যাৰফলত ৰাইজৰ মাজত এক বিভ্ৰান্তি সৃষ্টি হ’ব পাৰে আৰু অসমৰ বিভিন্ন জিলাত কৰ্মৰত ৰুৰেল হেলথ প্ৰেকটিচনাৰসকলে কিছুমান প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে ৷ সেয়ে এই প্ৰেছ বিবৃতিৰ জৰিয়তে উচ্চতম ন্যায়লয়ে প্ৰদান কৰা ৰায়টো সম্পূৰ্ণকৈ প্ৰকাশ কৰাৰ বাবে সংবাদ মাধ্যমক বিনম্ৰ অনুৰোধ জনালোঁ :
১) উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোকে বাহাল ৰাখি অসম চৰকাৰে প্ৰণয়ণ কৰা ARHRA Act আইন খন অসাংবিধানিক বুলি ঘোষণা কৰে ৷
২) কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীয়ে যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ হৈছে তেখেত সকলে আগৰ ARHRA Act য়ে প্ৰদান কৰা সীমাবদ্ধতাৰ মাজত থাকিয়ে অসমৰ গ্ৰাম্যাঞ্চলত আগৰ দৰেই চিকিৎসা সেৱা আগবঢ়াই যাব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে ৰায়টোত ব্যাখ্যা আগবঢ়াই ৷ কিন্তু দুৰ্ভাগ্যবশঃত এই কথাখিনি সংবাদ মাধ্যমত প্ৰকাশ হোৱা নাই ৷ সেয়ে এই বিবৃতিৰ জৰিয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ সম্পূৰ্ণভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিবলৈ আমি সংবাদ মাধ্যমক বিনম্ৰ অনুৰোধ জনালোঁ ৷