থানে মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ ৱেবছাইট হেক কৰাৰ অভিযোগ ৷ থানে মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ ৱেবছাইটটো হেক কৰা হৈছে বুলি ইতিমধ্যে এক অভিযোগ উত্থাপন কৰা হৈছে ৷ আজি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ৱেবছাইটটো হেক কৰা হৈছে বুলি নিশ্চিত কৰিছে ।
এই সন্দৰ্ভত বিষয়াগৰাকীয়ে কয় ,”আমি প্ৰয়োজনীয় পদক্ষেপৰ বাবে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিছোঁ। থানে চাইবাৰ অপৰাধ দলে ইয়াৰ ওপৰত কাম কৰি আছে,”
আনহাতে আজি প্ৰকাশ পোৱা এটা বাৰ্তাই স্পষ্টতঃ ভাৰত চৰকাৰৰ ফালে আঙুলিয়াই দিছে ৷ বাৰ্তাটোত সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
ৱেবছাইটটো খোলাৰ সময়ত স্ক্ৰীণত থকা এটা বাৰ্তাৰ যোগেদি এই কথা কোৱা হৈছিল, যে ৱেবছাইটটো “এটা চাইবাৰ দলৰ দ্বাৰা হেক কৰা হৈছে।”( Hacked by one hat cyber team) ৷লগতে উক্ত বাৰ্তাটোত চৰকাৰক উদ্দেশ্য কৰি স্পষ্টকৈ কোৱা হৈছে, “নমস্কাৰ ভাৰত চৰকাৰ, সকলোকে নমস্কাৰ। আপোনালোকে বাৰে বাৰে ইছলাম ধৰ্মক লৈহে সমস্যাৰ সৃষ্টি কৰিছে।”
আনহাতে এই বাৰ্তাৰ যোগেদি ভাৰত চৰকাৰক সতৰ্ক কৰি দি স্পষ্টকৈ কোৱা হৈছে যে “সোনকালে সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ ওচৰত ক্ষমা বিচাৰিব! যেতিয়া আমাৰ ধৰ্মক অপমান কৰা হয় তেতিয়া আমি স্থিৰ হৈ নাথাকো”।
এতিয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ’ব উক্ত বাৰ্তা সংক্ৰান্তত কেনে ধৰণৰ পদক্ষেপ ল’ব বা কেনেদৰে ধৰ্ম-সংক্ৰান্তীয় এই মতানৈক্যৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব শাসনাধিস্থিত চৰকাৰখন !