অমৃতসৰৰ স্বর্ণ মন্দিৰৰ সমীপত আন এক বিস্ফোৰণ সংঘটিত হৈছে । বুধবাৰে মাজনিশা এক প্ৰচণ্ড শব্দই কপাঁই তোলে স্বর্ণ মন্দিৰ । আৰক্ষীৰ সূত্ৰ অনুসৰি স্বর্ণ মন্দিৰ অঞ্চলৰ শ্ৰী গুৰু ৰামদাস নিবাসৰ সমীপত নিশা ১২:৩০ বজাৰ পৰা ১২:৩০ বজাৰ ভিতৰত এই বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে পঞ্জাৱ আৰক্ষীৰ সূত্ৰ অনুসৰি কোনো লোক হতাহতৰ খবৰ পোৱা নাই। এই তথ্য লাভ কৰি স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ৷
আৰক্ষীৰ সূত্ৰ অনুসৰি হৰমন্দিৰ চাহাবৰ সমীপৰ বাগিচাৰ সন্মুখৰ আলিবাটত সংঘটিত হয় এই বিস্ফোৰণ। এয়া প্ৰথম নহয়, বিগত ৭ দিনত তিনিবাৰকৈ স্বর্ণ মন্দিৰ অঞ্চলত বিস্ফোৰণ সংঘটিত হৈছে। আৰক্ষীৰ মতে, বিস্ফোৰণৰ পিছত সেই স্থানৰ পৰা কিছু প্ৰচাৰ পত্ৰিকা উদ্ধাৰ কৰা হৈছে। বোমা বিস্ফোৰণৰ পিছত আৰক্ষীয়ে ইয়াৰ অৱশিষ্টও উদ্ধাৰ কৰে।
এই বিস্ফোৰণৰ আঁৰত কোন আছে সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰৰ মতে, তেওঁলোকৰ উদ্দেশ্য আছিল স্বর্ণ মন্দিৰৰ সমীপত অশান্তি সৃষ্টি কৰা।প্ৰথমটো বিস্ফোৰণ হৈছিল স্বর্ণ মন্দিৰৰ সমীপৰ হেৰিটেজ সাৰণিত চলিত বৰ্ষৰ ৬ মে’ত। মাত্ৰ দুদিন পিছতে একেটা অঞ্চলতে পুনৰ বিস্ফোৰণ সংঘটিত হয় ৷
শেহতীয়া কেইবাটাও ঘটনা সমগ্ৰ পঞ্জাৱত উত্তপ্ত কৰি তুলিছে ৷ খালিস্তানী নেতা অমৃতপল সিঙক ৩৬ দিন পলায়ন কৰি থকা এপ্ৰিল মাহত পঞ্জাৱৰ মোগাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ঘনিষ্ঠ সূত্ৰৰ মতে, তেওঁ নিজেই আৰক্ষীৰ হাতত ধৰা পৰে। পঞ্জাৱ বা দিল্লীত সৰ্বোচ্চ নিৰাপত্তাৰক্ষীৰ কাৰাগাৰ থকাৰ পিছতো তেওঁক অসমৰ জেললৈ প্ৰেৰণ কৰা হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপালক গ্ৰেপ্তাৰ কৰাৰ তিনিদিন পূৰ্বে তেওঁৰ পত্নী কিৰণদ্বীপ কৌৰকো অমৃতসৰ বিমানবন্দৰৰ পৰা আটক কৰি ৰখা হৈছিল।