আজি গোর্খা সম্প্ৰদায় লোকসকলৰ বাবে এক বিশেষ দিন ৷ আজি তেওঁলোকে পালন কৰিব পৰম্পৰাগত তীজ উৎসৱ ৷তীজ উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হয় ৷ মুলতঃ শিৱ আৰু পার্বতীক পূজা অর্চনা কৰাৰ বাবে এই উৎসৱ গোর্খাসকলে পালন কৰে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো তীজ উৎসৱ আয়োজন কৰা হৈছে ৷ জাগুনৰ লাকলাত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই উৎসৱ। অঞ্চলটোৰ মহিলাসকল ওলাই আহি গীত-নৃত্যত মতলীয়া হৈ তীজ উৎসৱ পালন কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি আজি মুল তীজ উংসৱ উপলক্ষে বিবাহিত মহিলাসকল মাতৃৰ ঘৰলৈ যায় আৰু সকলোৰে লগত এসাজ আনন্দৰে গ্ৰহণ কৰে ৷ নৃত্য গীত কৰি গোর্খা মহিলাসকলে আনন্দত মতলীয়া হৈ পৰে ৷
তীজৰ পাছদিনা গোর্খা মহিলাসকলে উপবাস ৰাখে ৷ স্বামীৰ দীর্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰে মহিলাসকলে এই উপবাস ৰাখি আহিছে ৷ এনেদৰে উপবাস ৰাখি তেওঁলোকে শিৱক আৰাধনা কৰে ৷ সন্ধিয়া স্বামীৰ হাতৰ জলপানেৰে তেওঁলোকে উপবাস ভংগ কৰে ৷ তদুপৰি সন্ধিয়া মন্দিৰত পূজা অর্চনা কৰি তেওঁলোকে স্বামীৰ দীর্ঘায়ু কামনা কৰে ৷