এইবাৰ এখন চিনেমাৰ শ্বুটিঙত লোৱা এটি তিনিমহীয়া নৱজাতকৰ মৃত্যুৱে খলকনি তুলিছে সমগ্ৰ ৰাজ্যতে ৷ তিনিমহীয়া নৱজাতকৰ শ্বুটিঙৰ মাত্ৰ পাঁচদিনৰ পিছতে হঠাৎ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ডেনিয়েল লাংথাছা নামৰ এগৰাকী ব্যক্তিৰ এটি ভিডিঅ’ৰ যোগেদি মৃত শিশুটিৰ পিতৃ-মাতৃয়ে প্ৰকাশ কৰিলে এই কথা ৷
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হোৱা সদ্যমুক্তিপ্ৰাপ্ত ‘চেমখৰ’নামৰ ডিমাছা ছবিখনৰ শ্বুটিঙত অসমৰ জনপ্ৰিয় তথা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আইমি বৰুৱাই কোলাত লৈ থকা কেঁচুৱাটি আছিল তেওঁলোক দুয়োৰে সন্তান ৷ তেওঁলোকৰ পৰা তিনিমহীয়া সন্তানটোক ছবিখনৰ শ্বুটিঙৰ বাবে বিচাৰিছিল ছবিখনৰ পৰিচালক তথা অভিনেতাই ৷ সুকলমে শ্বুটিং সম্পন্নও হৈছিল কিন্তু শ্বুটিঙৰ মাত্ৰ পাঁচদিনৰ পিছতেই কেঁচুৱাটিৰ হঠাৎ মৃত্যু হয় ৷ শোকস্তব্ধ দুই পিতৃ-মাতৃয়ে ডেনিয়েল লাংথাছাৰ সৈতে হোৱা কথোপকথনৰ ভিডিঅ’টোৰ যোগেদি এই কথা জানিবলৈ দিয়ে যে শ্বুটিঙৰ পিছদিনাৰ পৰাই কেঁচুৱাটি জ্বৰত আক্ৰান্ত হয় আৰু পঞ্চম দিনটোত নিশা প্ৰায় একমান বজাত মৃত্যু হয় নৱজাত শিশুটিৰ ৷
পানীমুৰৰ জলপ্ৰপাতৰ পাৰত উদং গা হোৱাৰ বাবে ঠাণ্ডা লাগি নৱজাত শিশুটিৰ মৃত্যু ঘটা বুলি সন্দেহ কৰিছে বহুলোকে ৷ আনহাতে ঘটনা সন্দৰ্ভত সামাজিক মাধ্যম যোগেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুলোকে ৷গাঁৱৰ সহজ সৰল মানুহৰ সৰলতাৰ সুযোগ লৈ ,নৱজাতক শিশুটিৰ কথা এবাৰলৈকো চিন্তা নকৰা অভিনেতা তথা ছবি নিৰ্মাতাসকলৰ বিৰুদ্ধে সেয়েহে বিভিন্ন মাধ্যমযোগে ক্ষোভ উজাৰিছে ৰাইজে ৷