গিনিজ বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তভুক্ত কৰিবলৈ প্ৰয়াস কৰি দৃষ্টিশক্তি হেৰুৱালে এজন যুৱকে । এই ঘটনা সংঘটিত হৈছে নাইজেৰিয়াত ৷ ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ এক প্ৰতিবেদন অনুসৰি নাইজেৰিয়াৰ টেম্বু এবেৰে নামৰ এজন যুৱকে গিনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সাত দিন ধৰি অবিৰতভাৱে কান্দি আছিল। চকুপানী ওলোৱাৰ বাবেও তেওঁ বিভিন্ন কৌশল কৰিছিল। আৰু তেনে কৰি থাকোঁতে যুৱকজনে হঠাতে তেওঁ সকলো অস্পষ্টভাৱে দেখিবলৈ আৰম্ভ কৰে ৷
প্ৰতিবেদন অনুসৰি কোনে আটাইতকৈ বেছি সময় কান্দিব পাৰে সেই লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা চলিছিল। সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল নাইজেৰিয়াৰ যুৱকজনে। পিছত যুৱকজনে বিবিচিক জনাইছে যে ৪৫ মিনিটলৈকে তেওঁ একো দেখা পোৱা নাছিল । চকু দুটা ফুলি উঠিছিল। তেওঁ কয় যে তেওঁৰ মূৰত অবিশ্বাস্য বিষ অনুভৱ কৰি আছে। এতিয়া তেওঁ সুস্থ হৈ উঠিছে। চকুৰ কোনো সমস্যাও নাই।
এই সকলোবোৰৰ মাজতো তেওঁ হাৰ মানিবলৈ অস্বীকাৰ কৰিলে। কৌশল সলনি কৰি প্ৰতিযোগিতাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব বুলিও তেওঁ কয়। কিন্তু প্ৰতিযোগিতাৰ আয়োজকসকলে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে জানিব পাৰি প্ৰতিযোগিতাৰ পৰা তেওঁক বাদ দিয়াৰ কথা ঘোষণা কৰে। নাইজেৰিয়াৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড নতুন নহয়। কিছুদিন আগতে পশ্চিম আফ্ৰিকাৰ এইখন দেশত ১০০ ঘন্টা ৰান্ধি লাইমলাইটলৈ আহিছিল এজন ব্যক্তি।