এ,টি,এম, ত গ্ৰাহকৰ ধন লুটিবলৈ আহি ৰাইজৰ হাতত আটক তিনি চোৰ৷ CCTVত বন্দী দৃশ্য ৷ ধৃত তিনি চোৰৰ পৰা বহু পৰিমাণৰ ATM কাৰ্ডৰ লগতে, এখন বাহন আৰু উদ্ধাৰ হয় ড্ৰাগছো ৷
গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰৰ এছ বি আইৰ এটিএমত গ্ৰাহকৰ ধন লুটিবলৈ আহি ৰাইজৰ হাতত আটক হ’ল তিনি চোৰ ৷ আটক কৰাৰ পিছত ৰাইজে আৰক্ষীক চমজাই দিয়ে চোৰ তিনিটাক ৷ জানিব পৰা মতে, স্থানীয় নয়ন আলী নামৰ শিক্ষক এগৰাকীয়ে নিজৰ একাউণ্ট পৰীক্ষা কৰাৰ বাবে কৃষ্ণাইৰ এছ বি আইৰ ATMত প্ৰবেশ কৰে ৷ সেই সময়ত এ টি এম ত পূৰ্বৰে পৰা ৰৈ থকা তিনি দূৰ্বৃত্তই শিক্ষক গৰাকীৰ কাৰ্ড খন কৌশলৰে সলনি কৰে আৰু এ টি এম সলনি কৰাৰ কথাতো প্ৰতিবাদ কৰে ৷ শিক্ষক গৰাকীয়ে প্ৰতিবাদ কৰোতে তিনি চোৰে দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় একাংশ লোকে ঘটনাস্থলীৰ কাষতে থকা আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় চোৰ কেইটাক ৷ আৰক্ষীয়ে পৰবৰ্তী সময়ত তিনি চোৰৰ লগতে দলটোয়ে ব্যৱহাৰ কৰা চুইফ্ট ড্ৰিজেয়াৰ বাহন খন (এ এছ ই কিউ ৮৯৭৬ ) জব্দ কৰি আৰক্ষী থানালৈ লৈ আহে ৷ আৰক্ষীয়ে চোৰৰ দলটোৱে ব্যৱহাৰ কৰা গাড়ীৰ পৰা ২৭ খন বিভিন্ন বেংকৰ এটি এম কাৰ্ডৰ লগতে ২১ টা ড্ৰাগছ কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে জানিব দিয়া মতে দলটোৱে এটিএমত গ্ৰাহকৰ ধন লুট কৰাৰ সমন্তৰালকৈ ড্ৰাগছৰ ব্যৱসায়তো জড়িত৷ জানিব পৰা মতে আৰক্ষীয়ে আটক কৰা ৰফিকুল ইছলাম,ছহিদুল আলম বৰা ধুবুৰীৰ ৷ আনহাতে আখতাৰুল ইছলাম তামুলপুৰৰ বাসিন্দা। আজিৰ ঘটনাটোৱে কৃষ্ণাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে ATM সলনি কৰি পলায়নৰ চেষ্টা কৰা চোৰ কেইটাৰ সেই সময়ৰ কিছু দৃশ্য বন্দী হৈছে CCTV কেমেৰাত।