ৰাষ্ট্ৰপতি জো বাইডেনৰ নিৰ্দেশত নিজৰ আকাশমাৰ্গত প্ৰৱেশ কৰা চীনৰ এয়াৰ বেলুন কিছুদিন পূর্বে আমেৰিকাই গুলীয়াই ভূপতিত কৰে । আমেৰিকাই দাবী কৰিছিল যে বেলুনটো চোৰাংচোৱাগিৰিৰ বাবে প্ৰেৰণ কৰা হৈছে। এই অভিযোগ চীনে খাৰিজ কৰিছে। এইবাৰ চীনে আমেৰিকাক বেলুনৰ জৰিয়তে তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে চীনৰ এই অভিযোগ বাইডেন প্ৰশাসনে খাৰিজ কৰিছে।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে সোমবাৰে কয় যে, ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা আমেৰিকাৰ এয়াৰ বেলুন কমেও দহবাৰ চীনৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছে। আমেৰিকাৰ দৰে চীনেও অভিযোগ কৰে যে এই বেলুনটো চোৰাংচোৱাৰ উদ্দেশ্যে পঠোৱা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়ান ৱাটছনে টুইটাৰযোগে চীনৰ অভিযোগ খাৰিজ কৰি কয় যে চীনে আমেৰিকালৈ চোৰাংচোৱাগিৰিৰ বেলুন প্ৰেৰণ কৰাৰ অভিযোগ সম্পূৰ্ণ মিছা।
কিছুদিন পূৰ্বে আমেৰিকাৰ সেনাই আমেৰিকাৰ উত্তৰ-পশ্চিম অঞ্চলত এটা বেলুন উৰি থকা দেখিছিল। পেন্টাগনে দাবী কৰিছে যে বেইজিঙে বেলুনৰ জৰিয়তে ‘চোৰাংচোৱাগিৰি’ চলাই আছে। আমেৰিকাৰ সামৰিক কাৰ্যকলাপ বেলুনেৰে নিৰীক্ষণ কৰা হৈছে। চীনে অৱশ্যে চোৰাংচোৱাগিৰিৰ সকলো অভিযোগ খাৰিজ কৰে। এই বেলুনটো বতৰ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক কামত ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে। চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছে যে এই বেলুনটোৱে বতাহৰ গতিবেগৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি আমেৰিকাত প্ৰৱেশ কৰে। এই দুৰ্ঘটনাৰ বাবে বেইজিঙে ক্ষমা বিচাৰে। তদুপৰি তেওঁলোকে লগতে কয় যে এই ভুল যাতে দ্বিতীয়বাৰৰ বাবে নহয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।