ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত তিনিখন দলঙৰ কাম অহা ৫ বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰকাশ কৰে। কালি দিছপুৰৰ দুটা লেনযুক্ত উৰণীয়া সেতুৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীজনে এই কথা প্ৰকাশ কৰে।
নাৰেংগী- কুৰুৱা সংযোগী দলং, পলাশবাৰী – শুৱালকুছি সংযোগী দলং আৰু উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী তিনিখন দলং অহা পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব।
ইয়াৰ উপৰিও ছয় লেনযুক্ত বাইহাতা-ছিপৰাঝাৰ-কুৰুৱা-নাৰেংগী সংযোগী পথৰ কামো পূৰ্ণ গতিত আগবাঢ়িছে বুলি মন্ত্ৰীজনে ভাষণত উল্লেখ কৰে। অহা পাঁচ বছৰৰ ভিতৰত এই ছয় লেনযুক্ত পথ সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে।
আনহাতে নিমাতীঘাট-মাজুলী সংযোগী দলঙৰ কামো আৰম্ভ হৈছে। দলং সমূহৰ কাম সম্পূৰ্ণ হৈ উঠিছে জনসাধাৰণৰ জীৱনসমূহে গতি লাভ কৰিবলৈ সক্ষম হ’ব।