VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল তিনি পৰিবেশকৰ্মীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 19, 2023
in মুখ্য সংবাদ
দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল তিনি পৰিবেশকৰ্মীৰ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা , ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ অন্যতম , গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলখন বিগত প্ৰায় দুটা দশকত চৰকাৰী – বেচৰকাৰী প্ৰত্যক্ষ – পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে । আনকি ২০০৫ চনৰ পৰা গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ সমীপত আৱৰ্জনা পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা আৰু তাৰো আগৰে পৰা পামহী কেনেলৰে গুৱাহাটীৰ বৰ্জিত আৰু দূষিত পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত দীপৰ বিলৰ পানী ভয়াবহভাবে প্ৰদূষিত হৈ পৰিছে । এনে ধৰণৰ পৰিবেশ ধ্বংসকাৰী কার্য বন্ধ কৰি বিলখনক উপযুক্তভাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বিগত সময়চোৱাত দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল ।

কিন্ত গুৱাহাটী পৌৰ নিগম , গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ( জি এম ডি এ) , গুৱাহাটী উন্নয়ন বিভাগকে ধৰি কোনো এটা বিভাগে বিলখনক উপযুক্তভাবে সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত ৰাইজৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অৱশেষত বিলখনক সংৰক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি তিনি পৰিবেশ কর্মী ক্ৰমে – দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু চকৰদৌৰ গো – পালক প্ৰমোদ কলিতা , কাৰ্বিপাৰা ৰাইজ গয়ৰহৰ সভাপতি সনেশ টেৰণ আৰু গড়চুকৰ যুৱ সমাজকর্মী দীপক টেৰাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত অলপতে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল ।

সেই আৱেদনৰ ভিত্তিত ৰজু হোৱা গোচৰৰ ( গোচৰ নম্বৰ : পি আই এল / ১৮ /২০২৩ ) ভিত্তিত ১৭ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে আবেদন গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগম , জি এম ডি এ , ভাৰত চৰকাৰৰ বন , পৰিবেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় , অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগকে ধৰি মুঠ ১৭ টা বিভাগ আৰু কৰ্তৃপক্ষক দীপৰ বিল সংৰক্ষণৰ বাবে এতিয়ালৈ কি কি তথা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাক চাৰি সপ্তাহ বা অহা ২৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে । আনহাতে আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ কুমাৰ দাসে । অৱশ্যে ন্যায়ালয়ৰ জাননী লাভ কৰাৰ পাছত সেই বিভাগ বা কৰ্তৃপক্ষ সমূহে কি উত্তৰ দিয়ে সেয়াহে লক্ষণীয় হব ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব, মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব, মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব

সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব, মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7