কাজিৰঙাৰ মিহিমুখত বিশেষ ভাৱে নিৰ্মাণ কৰা হৈছে তিনিটা গঁড়ৰ মূৰ্তি।বিগত বৰ্ষত ৰাজ্যত দাহ কৰা ২৪৭০টা গঁড়ৰ খৰ্গৰ ছাইৰে কাজিৰঙাত নিৰ্মাণ কৰা হৈছে তিনিটা গঁড়ৰ মূৰ্তি।২০২১চনৰ ২২চেপ্তেম্বৰত দাহ কৰা হৈছিল দুই সহস্ৰাধিক গঁড়ৰ খৰ্গ। এই খৰ্গ দহন কাৰ্যসূচীৰ স্মাৰক হিচাপে গঁড়ৰ মূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বন বিভাগে।
অহা সাত দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব মিহিমুখৰ এই গঁড়ৰ মূৰ্তি নিৰ্মাণৰ কাম । বনকৰ্মীসকলকে আদি কৰি গঁড় ৰক্ষণাবেক্ষণ দি থকা প্ৰতিগৰাকী ব্যক্তিৰ স্মৃতিক সামৰি তিনিটা গঁড়ৰ এই স্মৃতিসৌধ তৈয়াৰ কৰিছে ৰাজ্যখনৰ বন বিভাগে।